Breaking News

দেশত অধিবক্তাৰ নাটনি বাবেই ৬৩লাখ গোচৰ‌ নিষ্পত্তিহীন হৈ আছে।

 


ডিজিটেল ডেস্ক:দেশৰ নিম্ন আদালত সমূহত কেৱল অধিবক্তাৰ বাবেই ৬৩লাখ গোচৰ‌ নিষ্পত্তিহীন হৈ আছে।  সামগ্রিকভাৱে এনে গোচৰৰ সংখ্যা ৪ কোটিতকৈ  বেছি হ'ব। এনে নিষ্পত্তিহীন গোচৰৰ ৭৮ শতাংশ আৰু ২২ শতাংশ দেৱানী গোচৰ। ৬০ লাখ অমীমাংসিত  গোচৰৰ ভিতৰত   ৪১ লাখ গোচৰ দিল্লী , গুজৰাট, কৰ্ণাটক , মহাৰাষ্ট্ৰ, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ নিম্ন আদালতসমূহত নিষ্পত্তিহীন হৈ আছে। ৰাষ্ট্রীয় ন্যায়িক ডাটা গ্ৰীডৰ পৰিসংখ্যাত  তথ্য পোহৰলৈ আহিছে। তথ্য অনুসৰি নিষ্পত্তিহীন গোচৰৰ বোজা দিনক দিনে বৃদ্ধি পোৱাৰ অন্তৰালত ন্যায়াধীশৰ সংখ্যা কম বুলি মানি অহা  হৈছে যদিও অধিবক্তাৰ নাটনিও এইক্ষেত্ৰত  অন্য এক হিচাপে বিবেচিত হৈ আহিছে। কেন্দ্রীয় আইন মন্ত্রালয় তথ্য অনুসৰি উত্তৰ প্ৰদেশত ২০. ২লাখ আৰু দেৱানী গোচৰ ৪.৫ লক্ষ, বিহাৰত ফৌজদারী গোচৰ ৭.২ আৰু দেৱানী ঘোচন ২.১ ভাগ নিষ্পত্তিহীন হৈ আছে।

No comments