Breaking News

মুখ্য ন্যায়াধীশলৈ বঙাইগাঁৱৰ যুৱকৰ অভিযোগপত্র


 ডিজিটেল ডেস্ক:বঙাইগাঁও জিলাৰ ৫ নং ৱাৰ্ডৰ বাসিন্দা প্ৰণৱজ্যোতি শর্মাই সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ ভিত্তিত তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ দোৱামাৰা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে অইল ইণ্ডিয়া লিমিটেডে তেল আৰু গেছ সৰবৰাহ কৰাৰ বাবে বনাঞ্চলখন ধ্বংস কৰিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰিছে  তেওঁ যোৱা ৩০ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন অভিযোগপত্র প্ৰেৰণ কৰিছে। যুৱকজনৰ পত্ৰখন মুখ্য ন্যায়াধীশে যোৱা ২০ জানুৱাৰীত লাভ কৰিছে আৰু সেইদিনাই উক্ত অভিযোগৰ ভিত্তিত ৩৮৫৭/এছ চি আই / পি আই এল (ই)/২০২৩ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰিছে। বঙাইগাঁৱৰ বন্যপ্ৰাণীপ্রেমী যুৱক প্ৰণৱজ্যোতি শৰ্মাই মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰা অভিযোগপত্ৰখনত  উল্লেখ কৰিছে যে তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত দোৱামাৰা সংৰক্ষিত বনাঞ্চলৰ উপৰি ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত আপাৰ ডিহিং সংৰক্ষিত বনাঞ্চল, বুঢ়ী দিহিং সংৰক্ষিত বনাঞ্চল আদিত অইল ইণ্ডিয়া লিমিটেড কর্তৃপক্ষই সংৰক্ষিত বনাঞ্চলকেইখনৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই গেছ আৰু তেল সৰবৰাহৰ বাবে বনধ্বংস কৰি পাইপ লাইন স্থাপন কৰি আহিছে।  এই আটাইকেইখন সংৰক্ষিত বনাঞ্চল বন্যহস্তীয়ে বিচৰণ কৰে। অইল ইণ্ডিয়ালিমিটেড কর্তৃপক্ষই এই দৰে সংৰক্ষিত বনাঞ্চলকেইখনত পাইপ লাইন স্থাপনৰ ফলত সংৰক্ষিত বনাঞ্চলত বিচৰণ কৰি থকা বন্যহস্তীৰ বিচৰণালীৰ লগতে হস্তী বিচৰণৰ কৰিডৰসমূহ ভাবুকিৰ সন্মুখীন হৈছে। অইল ইণ্ডিয়া লিমিটেডে তেওঁলোকৰ ব্যৱসায়িক স্বাৰ্থত সংৰক্ষিত বনাঞ্চলসমূহত সময়ে সময়ে এইদৰে বনধ্বংস কাৰ্য চলাই থকাত বন্যহস্তীকুলৰ লগতে আন বন্যপ্রাণীসমূহৰ বিচৰণথলী ক্ৰমাৎ সংকুচিত হৈ  আহিছে। এইক্ষেত্ৰত যুৱকজনে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আদেশ দিব লাগে বুলি অভিযোগপত্ৰখনত প্ৰাৰ্থনা জনাইছে। প্রণৱজ্যোতি শৰ্মাৰ উক্ত  অভিযোগপত্ৰখন মুখ্য ন্যায়াধীশে লাভ কৰাৰ  পিচতে এই সংক্ৰান্তত এটা গোচৰ পঞ্জীয়ন কৰিছে বুলি জানিব পৰা গৈছে।

No comments