Breaking News

গৰুৰ মৰা শ ভক্ষণ কৰি ২৫ টা শগুণৰ মৃত্যু


 ডিজিটেল ডেস্ক: 
 গৰুৰ মৰা শ ভক্ষণ কৰি ২৫ টা শগুণৰ মৃত্যু ....৯ টা জীৱন্তে উদ্ধাৰ বন বিভাগৰ..... ২৫ টাকৈ শগুণৰ মৃত্যু হোৱা ঘটনাই  জিলাখনত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মৃত গৰু আৰু ম'হ ভক্ষণ কৰাৰ ফলতে উক্ত শগুণকেইটা মৃত্যুমুখত পৰে...   কোনো দুষ্কৃতিকাৰীয়ে মৃত গৰু আৰু ম’হত বিষাক্ত ঔষদ পেলোৱাৰ ফলত বিষাক্ত মাংস ভক্ষণ কৰাৰ বাবে শগুণসমূহ মৃত্যুমুখত পৰে ।  শগুণৰ মৃত্যুৰ বাতৰি  বিয়পি পৰাত ঘটনাস্থলীত বন বিভাগৰ চৰগুৱা খণ্ড বন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীৰ উপৰি ৰেঞ্জাৰ বুবুল বৰুৱা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । চিকিৎসকৰ দল ঘটনাস্থলীত উপস্থিত হৈ আহত ৭ টাকৈ শগুণৰ যাৱতীয় চিকিৎসাৰ ব্যৱস্থা কৰে । আহত শগুণকেইটা ইতিমধ্যে সুস্থ হৈ উঠিছে । ইফালে বন বিভাগে মৃত শগুণসমূহ পোতাৰ ব্যৱস্থা কৰাৰ লগতে  মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে । ৰেঞ্জাৰ বুবুল বৰুৱাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে বিষাক্ত গৰু - ম'হৰ মাংস খোৱাৰ বাবে শগুণসমূহ মৃত্যুমুখত পৰে ৷

No comments