Breaking News

ভাস্কৰজ্যোতি মহন্তৰদুৰ্জেয় চিপাহীৰ হিন্দী সংস্কৰণ অজেয় চিপাহী নামেৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়

 


ডিজিটেল ডেস্ক: 
অসম আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তৰ   নতুন দিল্লীত দেশৰ সকলো ৰাজ্যৰ উপস্থিতিত অনুষ্ঠিত ৰাষ্ট্ৰীয় ডি জি পি সন্মিলনত দুৰ্জেয় চিপাহীৰ হিন্দী সংস্কৰণ অজেয় চিপাহী নামেৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়  বিভিন্ন ঘটনাত গুলী আৰু বোমাৰ লিন্টাৰৰ আঘাতত আহত হোৱা ৰাইজৰ ৬১জন আৰক্ষীৰ জীয়া ঘটনাৰে সমৃদ্ধ দুৰ্জেয় চিপাহী যোৱা বছৰ নেহৰু ষ্টেডিয়ামত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল। ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰি  কেন্দ্রীয় গৃহ মন্ত্ৰী শ্বাহে এই গ্ৰন্থখনত উল্লিখিত গুৰুতৰভাৱে আহত হোৱাৰ পাছতো অসম আৰক্ষীৰ বীৰ বিষয়া-জোৱানসকলে স্বাভাৱিক জীৱনযাত্ৰা চলাই যোৱাৰ বাবে কৰা সংগ্ৰামৰ কথা দেশৰ প্ৰতিটো অংশতে উপলব্ধ কৰাৰ পোষকতা কৰিছিল। তাৰ পাছতে গ্ৰন্থখন হিন্দীলৈ অনুবাদ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ৰবি শংকৰ ৰবিয়ে হিন্দী ভাষালৈ অনুবাদ কৰা গ্ৰন্থখনৰ নাম অজেয় চিপাহী দিয়া হৈছে। এই গ্ৰন্থখনেই মঙ্গলবাৰে  নতুন দিল্লীত ৰাষ্ট্ৰীয় ডি জ জি পি সন্মিলনত আই বিৰ সঞ্চালক তপন কুমাৰ ডেকাৰ উপস্থিতিত দেশৰ  সকলো ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানসকলে একেলগে উন্মোচন কৰে। অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান মহন্তই কয় যে  এই গ্ৰন্থখনৰ কথা জানিব পাৰি দেশৰ সকলো ৰাজ্যৰ আৰক্ষী সঞ্চালকসকল উৎসাহী হৈ পৰিছে। তেওঁলোকে যেন এই কথা আজিলৈকে চিন্তা নকৰাৰ কথাও উল্লেখ কৰে। অসমৰ চিপাহীৰ বীৰগাথা অন্য ৰাজ্যতো প্ৰচাৰ কৰিবলৈ সক্ষম হোৱাৰ বাবে তেওঁ আনন্দিত হোৱা বুলিও প্ৰকাশ কৰে। লগতে অসমৰ বীৰ জোৱানৰ ঘটনাৰে উৎসাহিত ছে। হৈ জম্মু-কাশ্মীৰৰ ডি জি.পিজনে সেই ৰাজ্যৰ বীৰ আৰক্ষীৰ ঘটনাৰেও গ্ৰন্থত প্ৰকাশ কৰাৰ পৰিকল্পনা কৰাৰ কথা ঘোষণা কৰাৰ কথা সদৰী কৰে ভাস্কৰজ্যোতি মহন্তই।

No comments