Breaking News

দেৰগাঁৱতো ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

 


ডিজিটেল সংবাদ,দেৰগাঁও: দেৰগাঁৱতো ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৰংঘৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ।ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে এতিয়া চলি ভোগালীক আদৰাৰ প্ৰস্তুতি।পিছ পৰি ৰোৱা নাই দেৰগাঁৱৰ দক্ষিণ বঙ্গাল গাঁওবাসী ৰাইজো।গাঁৱৰ ৰাইজে বাৰিৰ বাঁহ আৰু পথাৰৰ পৰা নৰা কাটি নিৰ্মাণ কৰাত লাগিছে ৰংঘৰ আৰ্হিত ভেলাঘৰ।গাঁৱৰ ডেকাহঁতে নিৰ্মাণ কৰি থকা ভেলাঘৰে বৰ্তমান সকলোকে আকৰ্ষিত কৰিছে।অসমীয়া চহা গ্ৰাম্য পৰিবেশক বিষয় বস্তু হিচাপে লৈ নিৰ্মাণ কৰা ৰংঘৰ আৰ্হিৰ ভেলাঘৰটোত উৰুকাৰ নিশা ভেলাঘৰৰ বাকৰিতে পৰম্পৰা ৰক্ষা কৰি মেজি দহন কৰি লগে ভাগে এসাঁজ খোৱাৰো ব্যৱস্থা কৰিছে। আয়োজক সকলে ৰছী টনা,টেকেলি ভঙা,পিছল বাঁহত উঠা,হাঁহ ধৰা আদিৰ প্ৰতিযোগিতাৰো আয়োজন কৰিছে।সেয়ে এতিয়া এচামে যদি ভেলাঘৰ নিৰ্মাণ ব্যস্ত হৈ পৰিছে আকৌ আন এচামে উৰুকা নিশাৰ খোৱা বোৱাৰ ব্যৱস্থাত ব্যস্ত হৈ  পৰা দেখিবলৈ পোৱা গৈছে।


No comments