Breaking News

দেশৰ সবাটোকৈ প্ৰদূষিত চহৰ হিচাপে চিহ্নিত হৈছে দিল্লী


ডিজিটেল ডেস্ক:দেশৰ সবাটোকৈ প্ৰদূষিত চহৰ হিচাপে চিহ্নিত হৈছে দিল্লী । ২০২২ চনৰ প্ৰদূষণৰ তথ্য কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে  প্রকাশ কৰিছে । প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি পূৰ্বৰ তুলনাত বিগত চাৰি বছৰত দিল্লীৰ প্ৰদূষণৰ মাত্ৰা ৭ শতাংশ হ্রাস পাইছে ।কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডে প্ৰকাশ কৰা অনুসৰি প্ৰদূষিত চহৰৰ ক্ষেত্ৰত দিল্লীৰ পাছতে আছে গাজিয়াবাদ আৰু তৃতীয় স্থানত আছে কলকাতা । শীৰ্ষৰ পাঁচখন প্ৰদূষিত চহৰৰ ভিতৰত চতুর্থ স্থানত আছে কানপুৰ আৰু পঞ্চম স্থানত আছে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ । দিল্লীৰ প্ৰদূষণ জনসাধাৰণৰ নিৰাপদ বসতিৰ তুলনাত দুগুণতকৈঅধিক হৈ আছে । ২০২৪ চনৰ ভিতৰত ৰাষ্ট্ৰীয় পৰিষ্কাৰ জলবায়ু অভিযানৰ অধীনত দিল্লীৰ প্ৰদূষণ ২০-৩০ শতাংশ হ্ৰাস কৰাৰ লক্ষ্য থাকিলেও সেই লক্ষ্য পূৰণত ব্যৰ্থ হৈছে কেন্দ্ৰীয় আৰু দিল্লীৰ চৰকাৰ । ২০১৯ চনৰ জানুৱাৰীত এই অভিযান হাতত লোৱা হৈছিল । তেতিয়া দেশৰ ১০২ খন চহৰক এই অভিযানত অন্তৰ্ভুক্ত কৰি লোৱা হৈছিল । মুঠ ১০২ খন চহৰৰ ভিতৰত প্ৰদূষিত চহৰৰ ক্ষেত্ৰত গুৱাহাটীৰ স্থান হৈছে ২৭ নম্বৰত । এই অভিযানত শেহতীয়াকৈ আৰু ২৯ খন চহৰক অন্তৰ্ভুক্ত কৰা হৈছে । 

No comments