Breaking News

সোণাৰি ৰজাঢাপ সন্মিলিত সংঘৰ কাৰ্যালয় গৃহ উদ্বোধন


ডিজিটেল সংবাদ,সোণাৰি: 
সোণাৰিৰ নৱগঠিত ৰজাঢাপ সন্মিলিত সংঘৰ কাৰ্যালয় গৃহটো আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। এই উপলক্ষে সংঘৰ সভাপতি উৎপল গগৈৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত বিধায়ক কোঁৱৰৰ উপৰিও সোণাৰিৰ পৌৰপতি তিলক নেওগ, চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমান, অনুসূচীত জাতি উন্নয়ন পৰিষদৰ সভাপতি দীনেশ দাস আদিয়ে ভাষণ দিয়ে। অনুষ্ঠানত স্থানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। 

No comments