Breaking News

দেৰগাঁৱৰ এখন গাঁৱৰ ব্যতিক্ৰমী প্ৰয়াস ঘৰে ঘৰে সংগ্ৰহ কৰি অনুষ্ঠিত কৰিছে দিবা- নৈশ ক্ৰিকেট প্ৰতিযোগিতা।

 


ডিজিটেল সংবাদ,দেৰগাঁও:
দেৰগাঁৱৰ নাহৰণি দেৱানগাঁও যুৱক সংঘৰ সৌজ্যনত আৰু নাহৰণিবাসী ৰাইজৰ সহযোগত নাহৰণি দেৱান গাঁৱত সদৌ অসম ভিত্তিত দিবা-নৈশ টেনিচবল ক্ৰিকেট প্ৰতিযোগিতা। ৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা দিবা-নৈশ টেনিচ ক্ৰিকেট বল প্ৰতিযোগিতাখন কাইলৈ অৰ্থাৎ ১১ জানুৱাৰীত অন্ত পৰিব।  ক্ৰিকেট প্ৰতিযোগিতাখনি আনুষ্ঠানিক ভাবে উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অভিৱত্তন গোস্বামীয়ে।  প্ৰতিযোগিতা খনত চুড়ান্ত বিজয়ী দলটোক ট্ৰফি সহ নগদ  ১লাখ টকা  আৰু ৰানাৰ্চ আপ দলটোক ট্ৰফিসহ নগদ ৬০,০০০ টকা প্ৰদান কৰিব। প্ৰত্যেক খন খেলত শ্ৰেষ্ঠ খেলুৱৈক পুৰস্কাৰ হিচাপে ১০,০০০ টকাকৈ কৰা হৈছে। বৃহত্তৰ নাহৰণি অঞ্চলত ভোগালী বিহুৰ প্ৰাক-মুহুত্বত এই প্ৰতিযোগিতাখনে একপ্ৰকাৰ উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে।  দেৱান গাঁৱৰ ৰাইজে পায় কেইবা হাজাৰ টকা খৰছ কৰি পথাৰ পুতি ,নিজৰ গাঁঠিৰ ধন ভাঙি খেল খন অনুষ্ঠিত কৰিছে। উল্লেখ্যনীয় যে অস্থায়ী খেলপথাৰত নিৰ্মাণ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাকচাং জলপ্ৰপাত অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে প্ৰতিযোগিতাখনৰ। 

No comments