Breaking News

উত্তপ্ত NRLৰ মুখ্য প্ৰবেশদ্বাৰ

 


ডিজিটেল সংবাদ,নুমলীগড়:উত্তপ্ত NRLৰ  মুখ্য প্ৰবেশদ্বাৰ । দ্বাৰ অবৰোধেৰে এন আৰ এল কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৷নুমলীগড় শোধনাগাৰৰ মুখ্য প্ৰবেশদ্বাৰ অবৰোধ কৰি তীব্ৰ প্ৰতিবাদ । মূখ্যদ্বাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে শোধনাগাৰত  এপ্ৰেনটিশ্বিপ খটা নিবনুৱা যুৱকসকলে । দ্বিতীয় বৰ্ষত শিক্ষানবিদ হিচাপে খটা এই যুৱকসকলে স্থায়ী নিযুক্তিৰ দাবীত মুখ্যদ্বাৰ অৱৰোধ কৰি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদৰ ফলত মুখ্যদ্বাৰত সৃষ্টি হয়  যানযটৰ লগতে উত্তেজনা । এক বৃহৎ ভীৰ হৈ পৰে শোধনাগাৰৰ মুখ্যদ্বাৰৰ লগতে শোধনাগাৰৰ সন্মুখেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ । শীঘ্ৰেই এইসকল শিক্ষা নবিছক স্থায়ী নিযুক্তি নিদিলে শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে ৷

No comments