Breaking News

ভাৰতলৈ বাংলাদেশীৰ অনুপ্ৰৱেশ এটা ৰাজনৈতিক শ্ল'গানহে মাত্ৰ

 



ডিজিটেল ডেস্ক:অনুপ্ৰৱেশ সমস্যাই দশকৰ পাছত দশক ধৰি অসমৰ সমাজ জীৱনৰ অন্যতম স্পর্শকাতৰ বিষয় হিচাপে চিহ্নিত হৈ আহিছে । অনুপ্ৰৱেশ সমস্যাই খিলঞ্জীয়াৰ প্ৰতি সৃষ্টি কৰা ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে । ইয়াৰে ভিতৰত অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ পৰামৰ্শদাতা কমিটী গঠন অন্যতম । অনুপ্ৰৱেশকাৰীৰ দ্বাৰা খিলঞ্জীয়াৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ পৰা ৰাজ্যখনক ৰক্ষা কৰাৰ স্বাৰ্থত সমষ্টি পুনৰ নিৰ্ধাৰণৰ দৰে পদক্ষেপ গ্ৰহণ কৰা বুলিও ৰাজ্য চৰকাৰে দাবী কৰিছে । নিৰ্বাচনৰ সময়ত অসমৰ পৰা প্ৰতিজন বাংলাদেশীক খেদি পঠিওৱাৰ হুংকাৰ দিছিল স্বয়ং দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ঢাকা ভ্ৰমণৰত ভাৰতীয় সাংবাদিৰ দল এটাৰ আগত এই দাবী কৰি বাংলাদেশৰ কেন্দ্ৰীয় মন্ত্ৰীজনে কয়— ‘ ভাৰতলৈ কোনো বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশ হোৱা নাই । বাংলাদেশৰ অৰ্থনীতি এতিয়া যথেষ্ট সবল । দেশখনৰ নাগৰিকৰ জনমুখি আয় ভাৰতীয়সকলতকৈ বহু বেছি । ভাৰতলৈ বাংলাদেশীৰ অনুপ্ৰৱেশ সেয়ে এটা ৰাজনৈতিক শ্ল'গানৰ বাহিৰে একো নহয় । নিৰ্বাচনৰ সময়ত ভাৰতৰ একাংশ দল আৰু নেতাই ভাৰতত অবৈধভাবে বাংলাদেশী নাগৰিকে প্রবেশ কৰা বুলি অপপ্ৰচাৰ চলাই আহিছে । বাংলাদেশী নাগৰিকৰ ভাৰতলৈ অনুপ্ৰৱেশ কৰাৰ আজি কোনো প্রয়োজন নাই । কাৰণ আমাৰ দেশৰ অর্থনৈতিক অৱস্থা ভাৰততকৈ যথেষ্ট ভাল । ২০২১-২২ৰ সমীক্ষা মতে , একোজন ভাৰতীয় নাগৰিকৰ জনমূৰি আয় ২ , ৩১৮ ডলাৰ । ভাৰতীয় মুদ্ৰাৰ হিচাপত ১,৮৯,৬৮৫ টকা । বাংলাদেশী নাগৰিকৰ বাৰ্ষিক জনমূৰি আয় ২,৮২৪ ডলাৰ । ভাৰতীয় মুদ্ৰাৰ হিচাপত এই পরিমাণ ২,৩১,২৭৮ টকা । বাংলাদেশৰ মন্ত্ৰীজনে কৰা এই মন্তব্যই স্বাভাবিকতে ভাৰতৰ ৰাজনীতিতো ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।বিৰোধী বাংলাদেশ নেচনেল পাৰ্টী চমুকৈ বিএনপি দলক তীব্র সমালোচনা কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ড : হাছানে কয়— বিএনপি হৈছে ভাৰত বিৰোধী আৰু সংখ্যালঘু বিৰোধী । শ্বেখ হাচিনা নেতৃত্বাধীন আৱামী লীগে ভাৰতৰ লগত সদায় সুসম্পর্ক বিচাৰে । 

No comments