Breaking News

গোলাঘাটত সাঁচি চোৰৰ সন্ত্ৰাস



ডিজিটেল ডেস্ক:গোলাঘাটত সাঁচি চোৰৰ সন্ত্ৰাস! সাঁচি চোৰৰ আক্রমণত আঘাতপ্রাপ্ত গাঁওৰক্ষী বাহিনীৰ সদস্য।নিশা গোলাঘাটৰ দোলাকাষৰীয়াত সাঁচি চোৰৰ সন্ত্ৰাস। সাঁচি চোৰক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ।  সাঁচি চোৰ কৰিব লৈ অহা চোৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত গাঁওৰক্ষী বাহিনীৰ সদস্য। । চোৰৰ আক্ৰমণত আহত হয় শিয়ালেখাতী গাঁওৰক্ষী বাহিনীৰ সদস্য সদা দাস। চোৰক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰোঁতেই চোৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় গাঁওৰক্ষী বাহিনীৰ সদস্য জন। ইফালে কৌশলগতভাৱে এটা চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় গাঁওৰক্ষী বাহিনী। নিশা সাঁচি চোৰ কৰিবলৈ আহি চোৰক এনেদৰেই কৰায়ত্ব কৰিলে গাঁওৰক্ষী বাহিনীৰ লোকে। দলটোৰ এটা চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও বাকীসকল পলাই যায়। উক্ত দলটোক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰোঁতেই আঘাতপ্ৰাপ্ত হ’বলগা হয় গাঁওৰক্ষী বাহিনীৰ এজনকৈ সদস্য।উল্লেখ্য যে গোলাঘাটত কেইবাটাও অঞ্চলৰ চহা খেতিয়কে সাঁচি খেতিৰ জৰিয়তে লাভাম্বিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিততে এতিয়া সাঁচি চোৰৰ উপদ্ৰৱত শংকিত হৈছে খেতিয়কসকল।  বহু দৰিদ্ৰ পৰিয়ালে জীৱন নিৰ্বাহৰ সম্বল হৈ পৰিছে সাঁচি খেতি | এই খেতিৰ দ্বাৰাই নিজৰ ল’ৰা-ছোৱালীক কলেজত পঢ়ুৱাইছে, স্বাৱলম্বী হৈছে ঠিক তেনেসময়তে অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই চলাই অহা চোৰৰ উপদ্ৰৱে এতিয়া ত্ৰাহি মধুসূধন সুৱৰিছে খেতিয়কসকলে।

No comments