Breaking News

কাজিৰঙাৰ মূল প্ৰৱেশদ্বাৰত আবৰ্জনাৰ দ'ম দেখি আশ্বৰ্য প্রকাশ বহিৰাজ্যৰ পৰ্যটকৰ


ডিজিটেল ডেস্ক:কাজিৰঙাৰ মূল প্ৰৱেশদ্বাৰত আবৰ্জনাৰ দ'ম দেখি আশ্বৰ্য প্রকাশ বহিৰাজ্যৰ পৰ্যটকৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কাজিৰঙাৰ মনমোহা প্রাকৃতিক সৌন্দৰ্য্য চাই কাজিৰঙাৰ পৰা লৈ য়ায় এক স্মৰণীয় অভিঞ্জতা লগতে অসমৰ পৰা এটা বাৰ্তা। কাজিৰঙাৰ মূল প্ৰৱেশদ্বাৰ কহঁৰা চাৰিআলি,কহঁৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়, জিপ চাফাৰি, অসম পৰ্যটন বিভাগৰ অতিথিশালা আৰু কাজিৰঙাৰ বনভোজ থলীলৈ যোৱ পথ আৰু বনভোজ থলীত প্লাষ্টিককে ধৰি বিভিন্ন আৱৰ্জনাৰ দ'ম গৰু ছাগলীয়ে ভক্ষণ কৰা দেখি কাজিৰঙালৈ অহা বহিৰাজ্যৰ পৰ্যটকেও চিন্তিত হৈ দুখ প্রকাশ কৰিছে আৰু কাজিৰঙাৰ পাৰিপাৰ্শ্বিক ৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিক নিষিদ্ধ কাজিৰঙাত বিভিন্ন সময়ত শিৰোনামা দখল কৰা এনে গুৰুত্বপূৰ্ণ বিষয় স্থানীয় বিভাগে গুৰুত্ব নিদিয়াটো লক্ষ্যনীয়। উল্লেখযোগ্য যে প্লাষ্টিক জাতীয় এই আৱৰ্জনা সমূহ কহঁৰা নদীয়েদি গৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত প্ৰবেশ কৰি বন্যজন্তৰ লগতে কাজিৰঙাৰ পাৰিপাৰ্শ্বিক ক্ষতি কৰিব পাৰে। 

No comments