Breaking News

ভিত্তিবর্ষ ছুপ্রিম ক’ৰ্টত সাংবিধানিক বিচাৰপীঠৰ প্ৰাৰম্ভিক শুনানি



ডিজিটেল ডেস্ক...
উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে  এক প্ৰাৰম্ভিক শুনানী গ্ৰহণ কৰে ৷ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন বিচাৰপীঠে প্ৰথমতে নাগৰিকত্ব পাঁচজনীয়া আইনৰ ৬ এ ধাৰাৰ সাংবিধানিক বৈধতা  ওপৰত আজি গুৰুত্ব প্রদান কৰে ।  মুখ্য ন্যায়াধীশৰ বক্তব্য - নাগৰিকত্ব আইনৰ ৬ এ ধাৰাত কোনো সাংবিধানিক দুর্বলতা আছে নে নাই সেয়াই আমাৰ সাংবিধানিক বিচাৰপীঠ  মূল বিচার্য বিষয় ।  ১৯৭১ চনৰ ভিত্তিবৰ্ষক প্রত্যাহ্বান জনাই অসম সম্মিলিত মহাসংঘই ২০১২ চনত উচ্চতম ন্যয়ালয়ৰ কাষ চাপিছিল । পৰৱৰ্তী নাগৰিকপঞ্জী সংক্রান্ত আছাম পাব্লিক ৱৰ্কছৰ আবেদনৰ শুনানীকালত মহাসংঘৰ বিষয়টোকলৈও ন্যায়ালয়ত কেইবাদিন ধৰি নিৰৱচ্ছিন্নভাৱে শুনানী গ্রহণ কৰা হৈছিল ।  চলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্রতিনিধিয়ে অসম চুক্তিৰ আধাৰত নাগৰিকত্ব আইনত সংযোজিত ৬ এ ধাৰাটোক ৰাজনৈতিকভাৱে গৃহীত সিদ্ধান্ত বুলি অভিমত ব্যক্ত কৰি ৰাজনৈতিক পৰ্যায়ত সম্পাদিত এখন চুক্তিৰ ন্যায়িক পর্যালোচনাৰ প্রয়োজন নাই বুলি যুক্তি আগবঢ়ায় ।  সমগ্র বিষয়টোত মহাসংঘৰ প্রতিনিধি হিচাপে জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়েও হস্তক্ষেপ কৰা পৰিলক্ষিত হয় । তেওঁ স্পষ্ট কৰি দিয়ে যে কেন্দ্র , আছু তথা আন ভিন্ন পক্ষৰ মত বিভিন্ন হ'ব পাৰে । কিন্তু আমাক প্ৰথমতে আমাৰ স্থিতি তথা যুক্তি আগবঢ়াবলৈ দিয়া হওক । ইয়াৰ পৰিপ্ৰেক্ষিতত সাংবিধানিক বিচাৰপীঠেও স্পষ্ট কৰি দিয়ে১৪ ফেব্ৰুৱাৰীৰ পৰা চূড়ান্ত শুনানী গ্ৰহণ কৰা হ'ব বুলি বিচাৰপীঠে আজি পৰৱৰ্তী শুনানীৰ দিন ধার্য কৰিছে ।ইয়াৰ পূৰ্বে ন্যায়ালয়ে নিযুক্তি দিয়া ন’ডেল কাউন্সেলসকলক গোচৰটোৰ সৈতে জড়িত সকলোপক্ষৰ আবেদনসমূহক একত্ৰিত কৰাৰ বাবে তিনি সপ্তাহৰ সময় বান্ধি দিয়ে |  ৪০ বছৰলৈকে ভাৰতৰ নাগৰিকত্বৰ অধিকাৰ ভোগ কৰি অহা বাংলাদেশ মূলৰ প্ৰব্ৰজনকাৰীসকলৰ নাগৰকিত্ব এতিয়া কিদৰে কাঢ়ি নিব পাৰি সেই প্রশ্নও খচৰাত সন্নিবিষ্ট কৰা হৈছে । একেদৰে , অসম চুক্তিমর্মে নাগৰিকত্ব আইনত সংযোজিত ৬ এ ধাৰাক চুক্তি স্বাক্ষৰিত হোৱাৰ ২৭ বছৰ পাছত কিয় প্ৰত্যাহ্বান জনোৱা হ'ল এই প্রশ্ন উত্থাপন কৰি কোৱা হৈছে যে আবেদনৰ ইমান বিলম্বই কি আবেদনখনক খাজি কৰি দিয়াৰ বাবে যথেষ্ট নহয় ? অসম চুক্তিৰ ৰাজনৈতিক বৈশিষ্ট্যৰ কথা উল্লেখ কৰি চৰকাৰে নীতিগতভাৱে গ্ৰহণ কৰা সিদ্ধান্তমর্মে স্বাক্ষৰিত চুক্তিৰ ন্যায়িক পৰ্যালোচনাৰ কোনো অৱকাশ আছে নে নাই সেই প্রশ্নও ১১ টা দফাৰ ভিতৰত সন্নিবিষ্ট কৰা হৈছে ।১৯৭১ চনৰ ২৫ মাৰ্চৰ ( ভিত্তিবৰ্ষ ) পাছত অহা বিদেশীৰ ভাৰতত জন্মলোৱা সন্তানসকলৰ নাগৰিকত্বৰ বিষয়টোও বিবেচনাৰ বাবে ধার্য কৰা হৈছে ।১৪ ফেব্ৰুৱাৰীৰ পৰা ভিত্তিবৰ্ষৰ নিছিনা অসমৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়ত চূড়ান্ত শুনানী গ্ৰহণ কৰা হ’ব বুলি আমি আশা কৰিব পাৰোঁ । শুনানীকালত ন্যায়ালয়ত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য , ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সাংবাদিকৰ আগত ছাত্ৰ সন্থাৰ স্থিতি স্পষ্ট কৰি অসম চুক্তিৰ গুৰুত্ব অনুধাৱন কৰিবলৈ সকলোপক্ষক আহ্বান জনায় । সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ১৯৮৫ চনত স্বাক্ষৰিত অসম চুক্তিখন সেই সময়ত স্বাক্ষৰিত আটাইতকৈ উপযোগী তথা ভাল চুক্তি বুলি দোহাৰি ১৯৭১ চনৰ পক্ষত আছুৰ স্থিতি স্পষ্ট কৰে । ১৯৮৫ চনৰ পৰা এতিয়ালৈ অসম চুক্তিৰ ৰূপায়ণত চৰকাৰ ব্যৰ্থ হোৱাৰ বাবেই অসমৰ বিদেশী সমস্যা এতিয়াও সমস্যা হৈ আছে বুলি তেওঁ আছুক সমালোচনা কৰাসকলক উভতি ধৰে । সমগ্ৰ বিষয়টোত উচ্চতম ন্যায়ালয়ৰ ওপৰত থকা আস্থাৰ কথাও ভট্টাচাৰ্যই ব্যক্ত কৰে ।

No comments