Breaking News

বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা শিক্ষা মন্ত্ৰী, মাজুলীৰ সন্তান প্ৰেমধৰ বৰাক সম্বৰ্ধনা মাজুলীৰ বিশিষ্ট ব্যক্তি, দল সংগঠনৰ।



ডিজিটেল সংবাদঃ কমলাবাৰীঃমাজুলী সংযোগী দুই দলঙৰ শংকৰদেৱ, মাধৱদেৱ ৰখাৰ আহ্বান বৰেণ্য ৰাজনীতি কৰ।একালৰ বানে ধোৱা নামনি মাজুলীৰ গুবালগাৱত জন্ম গ্ৰহণ কৰা বৰ্তমান বিহপুৰীয়াৰ স্থায়ী ভাৱে বসবাস কৰি  ৰাজনৈতিক ক্ষেত্ৰৰ অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হোৱা প্ৰেমধৰ বৰাক স্ব গৃহত সম্বৰ্ধনা জনাই মাজুলীৰ বিশিষ্ট ব্যক্তি, দল সংগঠনৰ প্ৰতিনিধিয়ে। বিহপুৰীয়া সমষ্টিৰ পৰা চাৰিবাৰকৈ নিৰ্দলীয় হিচাপে বিধান সভা লৈ নিৰ্বাচিত হোৱা প্ৰৱল জনসমৰ্থন থকা প্ৰতাপী জাতীয় তাবাদী নেতা গৰাকীয়ে সমগ্র লখিমপুৰ জিলাৰ উন্নয়ন ত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল।জনতাৰ অতি প্ৰিয় জননেতা প্ৰেমধৰ বৰা শিক্ষা মন্ত্ৰী হোৱাৰ সময়ত ১৯৬৯ চনত মাজুলীৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান মাজুলী মহাবিদ্যালয়খনিৰ চৰকাৰী কৰণৰ ব্যৱস্থা কৰিছিল।১৯৬২ চনতস্থাপন কৰা মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ তেতিয়াৰ শিক্ষা ৰত্নৰূপে খ্যাত প্ৰয়াত অতুল চন্দ্ৰ গোস্বামী ৰ সহপাঠী হোৱাৰ বাবে মহাবিদ্যালয় খনিৰ প্ৰতি দেখুৱা সদিচ্ছাৰ কথা মাজুলী বাসীয়ে আজিও সোৱৰণ কৰে।


ইয়াৰোপৰি মাজুলীৰ সন্তান আছিল বাবে সঘনে মাজুলী লৈ আহযাহ কৰি মাজুলীবাসীৰ লগত গঢ়ি তুলিছিল এক মধুৰ সম্পৰ্ক।সেই সম্পৰ্ক ৰক্ষা কৰিযোৱা ৯ জানুৱাৰী তাৰিখে উদিয়ামন যুৱক ধ্ৰুৱজ্যোতি গোস্বামীৰ  নেতৃত্বত মাজুলীৰ কেইবাগৰাকী জ্যেষ্ঠ নাগৰিক আৰু দল সংগঠনৰ প্ৰতিনিধি প্ৰাক্তন বিধায়ক গৰাকী ৰ গৃহত উপস্থিত হৈ গামোচা,ছেলেং চাদৰ,গ্ৰন্থৰ তোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।  মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিস্থা কালৰ অধ্যাপক উমা ৰাজখোৱা,অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ আৰতি বৰা ,অধ্যাপক ৰাজেন বৰা ,সমাজ কৰ্মী জীতেন দোলাকাষৰীয়া ,জিলা সাংবাদিক সন্থাৰ উপসভাপতি  খগেন হাজৰিকা ,যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মুনীন্দ ভূঞা  সাংবাদিক ৰাজীব দও উপস্থিত হৈ বৰাক সম্বৰ্ধনা জনোৱা হয়।সম্বৰ্ধনা গ্ৰহন কৰি আবেগিক হৈ প্ৰাক্তন বিধায়ক গৰাকীয়ে অতীতৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে মাজুলী উত্তৰ পাৰ আৰু দক্ষিণ পাৰ সংযোগ কৰি নিৰ্মাণ কৰি থকা দলঙৰ বাবে সন্তষ্টি প্ৰকাশ কৰে। বৰেণ্য ৰাজনীতি বিদ গৰাকীয়ে মাজুলীতে যিহেতু শংকৰদেৱ আৰু মাধৱদেৱ ৰ মণিকাঞ্চন সংযোগ ঘটিছিল সেয়ে মাজুলী যোৰহাট সংযোগী দলং শংকৰদেৱ আৰু চেলেক ধূনিগুৰি সংযোগী দলঙৰ নাম মাধৱদেৱ ৰখাৰ বাবে অসম চৰকাৰক আহ্বান জনাইছে।

No comments