Breaking News

৩৫ বছৰীয়া পুৰণি ঐতিহাসিক কলিয়াভোমোৰা দলঙৰ মেৰামতিৰ কাম এমাহ ধৰি বন্ধ হৈ আছে।

 


ডিজিটেল ডেস্ক: 
কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন প্ৰাধিকৰণৰ অধীনত ফ'ৰলেনযুক্ত ঘাইপথ নিৰ্মাণৰ বাবে অনুমোদন দিয়া কোটি কোটি টকাৰ আঁচনিৰ নামত পথ নিৰ্মাণকাৰী ঠিকাদাৰী প্রতিষ্ঠানে তেজপুৰকে ধৰি শোণিতপুৰ জিলাত দুর্নীতি সংঘটিত কৰি আহিছে। এনে সময়তে নতুন কলিয়াভোমোৰা দলঙখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পিচতে বৃহৎ পৰিমাণৰ ধনৰ খেলিমেলিক লৈ ঘাইপথ আন্তঃগাঁথনি উন্নয়ন প্ৰাধিকৰণ আৰু গেমন ইণ্ডিয়া লিমিটেডৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। এই সংঘাতৰ ফলতে তেজপুৰৰ ৩৫ বছৰীয়া পুৰণি ঐতিহাসিক কলিয়াভোমোৰা দলঙৰ  মেৰামতিৰ কাম এমাহ ধৰি বন্ধ হৈ থকাৰ  কথা পোহৰলৈ আহিছে। ইফালে গেমন ইণ্ডিয়া আৰু প্ৰাধিকৰণৰ মাজত হোৱা ৫৮ কোটি টকাৰ বিত্তীয় খেলিমেলিৰ ফলতে সেতুৰ মেৰামতিৰ কাম বন্ধ হৈ থকা বুলি প্ৰকাশ পাইছে। অভিযোগ মতে গেমন ইণ্ডিয়া কোম্পানীয়ে চৰকাৰৰ পৰা ধন আদায় নোপোৱাৰ বাবেই বিগত এমাহ ধৰি পুৰণি কলিয়াভোমোৰা সেতুখনৰ মেৰামতিৰ কাম বন্ধ হৈ আছে। এইক্ষেত্ৰত গেমন ইণ্ডিয়া কোম্পানীৰ কৰ্মচাৰীয়ে বুধবাৰে কলিয়াভোমোৰা দলঙৰ মেৰামতিৰ স্হানৰ  ওচৰত  সংবাদ মাধ্যমৰ আগত  অভিযোগ কৰে  কোম্পানীটোৱে চৰকাৰৰ পৰা ধন নোপোৱা বাবে এমাহ ধৰি দলঙৰ কাম বন্ধ হৈ আছে। তদুপৰি তিনি মাহ ধৰি ধন লাভ নকৰাৰ কাৰণে শ্ৰমিকসকলো কামলৈ অহা নাই। এই বিষয়ত আলোচনা চলি আছে যদিও ধনক লৈ সৃষ্টি হোৱা সংঘাতৰ কাৰণেই সেতুৰ মেৰামতিৰ কাম সম্পূর্ণ বন্ধ আছে বুলি-গেমনৰ কৰ্মচাৰীয়ে জানিবলৈ দিছে।  উল্লেখযোগ্য যে ৪১৩ কোটি টকা ব্যয়সাপেক্ষে নতুন কলিয়াভোমোৰা সেতুৰ নিৰ্মাণ আৰু পুৰণি সেতুখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈ উঠাৰ পিচত ২০২২ বৰ্ষৰ ডিচেম্বৰ মাহত প্রধানমন্ত্রীয়ে নবনির্মিত সেতুখন উদ্বোধন কৰাৰ কথা আছিল যদিও সেয়া আজিলৈ সম্পূৰ্ণ হৈ নুঠিল।

No comments