Breaking News

সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্যবাসীৰ মূৰত মাধমাৰ শোধাই নতুনকৈ দুখন টোলগেট মুকলিৰ বাবে


 ডিজিটেল ডেস্ক: কলিয়াবৰৰ সমীপৰ চুলুং আৰু দেৰগাঁৱৰ ৰঙামাটিত মুকলি কৰিব লগীয়া এই টোলগেট দুখনৰ নিৰ্মাণকাৰ্য প্রায় সম্পূৰ্ণ হৈ উঠিছে। অহা দুই, তিনি মাহৰ ভিতৰতে দুয়োখন টোলগেটৰ কাম কৰি তোলাৰ বাবে যাৱতীয় প্রক্রিয়া  আৰম্ভ হৈছে। কলিয়াভোমোৰাৰ দলঙৰ সমীপৰ চুলুঙত নিৰ্মাণ কৰা টোল গেট খন হৈ উঠিলে কলিয়াবৰ হৈ তেজপুৰ দিশে যাত্ৰা কৰা বাহন আৰু তেজপুৰৰ পৰা কলিয়াবৰ হৈ ৰাজ্যৰ অন্য প্ৰান্তলৈ যাত্ৰা কৰা বাহনসমূহে টোল মাচুল ভৰিব লাগিব। আনহাতে দেৰগাঁৱৰ সমীপৰ ৰঙামাটিত নিৰ্মাণ কৰা টোলগে টখন মুকলি কৰাৰ পাছত যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আদি উজনি অসমলৈ যোৱা আৰু অহা গাড়ীসমূহে 'টোল মাচুল ভৰিব লাগিব।   আইন অনুসৰি প্ৰতিখন টোলগেটৰ মাজত ন্যূনতম ৬০ কিল'মিটাৰৰ ব্যৱধান থাকিব লাগে। কিন্তু অসমৰ ৪খন টোলগেটৰ মাজৰ দূৰত্ব ৬০ কিল'মিটাৰতকৈও কম।মদনপুৰ আৰু নাজিৰাখাটত স্থাপন হোৱা দুখন টোলগেটৰ মাজৰ ব্যৱধান হ'ল ৫৮ কিল'মিটাৰ। আনহাতে দাহালপাৰা আৰু পাটগাঁৱত স্থাপন কৰা টোলগেট দুখনৰ মাজৰ ব্যৱধান ৫৪ কিল'মিটাৰ৷ মিকিৰআটি আৰু ৰহাত স্থাপন কৰা টোলগেট দুখনৰ মাজৰ ব্যৱধান ৫৩ কিল'মিটাৰ । গলিয়া আৰু দাহালপাৰাৰ মাজত স্থাপন হোৱা টোলগেট দুখনৰ মাজৰ ব্যৱধানো হ'ল ৪৬ কিল'মিটাৰ। এনে পৰিস্থিতিত নিয়ম অনুসৰি ৰাজ্যৰ চাৰিখন টোলগেট বন্ধ কৰিব লাগে যদিও কেন্দ্ৰীয় চৰকাৰে একমাত্ৰ ধন সংগ্ৰহ কৰাৰ স্বাৰ্থতে ইখনৰ পাছত সিখনকৈ টোলগেট স্থাপন কৰি আহিছে। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰৰ অসম প্ৰেমৰ প্ৰকৃত স্বৰূপ

No comments