Breaking News

ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ মৃত্যুৱে পুনৰ উদঙালে আৱেগহীন অসমীয়াক

 



 ডিজিটেল ডেস্ক...ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ মৃত্যুৱে পুনৰ উদঙালে আৱেগহীন অসমীয়াক। বিশিষ্ট চলচ্চিত্র পৰিচালকজনৰ নশ্বৰদেহ হেঙেৰাবাৰীৰ হাউছিং বৰ্ডৰ আবাসতে থাকিল যদিও শ্রদ্ধাঞ্জলি জনাবলৈ সময় নহ'ল অসমৰ শিল্পী সমাজৰ । অসুস্থ দেহাৰে শিল্পী তথা প্রতিবেশী চেতনা দাসহে উপস্থিত থাকিল । গুণসিন্ধু হাজৰিকাৰ মৃত্যুৰ খবৰ পাই সুদুৰ কামপুৰৰ পৰা নিশাই আহি উপস্থিত হোৱা পৰিয়ালৰ লোক আৰু অসমৰ সাংস্কৃতিক সন্থাৰ সদস্যসকলে মিলি দেওবাৰে হাজৰিকাৰ নশ্বৰ দেহ শেষ শ্রদ্ধাঞ্জলি জনোৱাৰ মানসেৰে জ্যোতি চিত্রবনলৈ আনে যদিও জ্যোতিচিত্রবনতো শ্রদ্ধাঞ্জলি জনাবলৈ নাথাকিল কোনো বিশেষ লোক ।  কেইগৰাকীমান জ্যোতিচিত্ৰবনৰ কৰ্মচাৰীয়ে প্রয়াত গুণসিন্ধু হাজৰিকাৰ নশ্বৰ দেহত ফুল অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জনায় । জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ , উপাধ্যক্ষ তথা সচিব কোনো এজন বিষয়া উপস্থিত নাথাকিল.. শ্রদ্ধাঞ্জলি কার্যসূচীৰ পাছত গুণসিন্ধু হাজৰিকাৰ নশ্বৰদেহ শেষকৃত্যৰ বাবে নৱগ্ৰহ শ্মশানলৈ যোৱা হয় ।  শ্মশানতো কেৱল চেতনা দাসৰ বাহিৰে কোনো শিল্পী উপস্থিত নাথাকিল ।ৰাজ্যৰ সাংস্কৃতি মন্ত্ৰী বিমল বৰাৰ সৈতে অসম সাংস্কৃতিক সাংবাদিক সন্থাই অশেষ কষ্ট কৰি যোগাযোগ কৰাৰ পাছত চৰাইদেউৰ পৰাই মন্ত্ৰীজনে শিল্পীগৰাকীৰ অন্তেষ্টিক্রিয়া সম্পাদন কৰিবলৈ মহানগৰ জিলা প্রশাসনক নির্দেশ দিছিল যদিও  নৱগ্রহ শ্মশানতো প্ৰশাসনৰ এজনো লোক উপস্থিত নাথাকিল । গুণসিন্ধু হাজৰিকাৰ চিতাৰ জুইক সাক্ষী কৰি চৰকাৰ তথা শিল্পী সমাজক ধিক্কাৰ দি ভাতৃ জয়কান্ত হাজৰিকা তথা পৰিয়াল বৰ্গই সাংবাদিকৰ লগতে প্ৰকাশ কৰিলে  ক্ষোভ ! ক'লে— ‘ আজি প্ৰমাণ হ’ল গুণসিন্ধু হাজৰিকাই ৰাষ্ট্ৰীয় পুৰষ্কাৰ নহয় , ৰাষ্ট্ৰীয় অভিশাপহে পালে ।গুণসিন্ধু হাজৰিকা দীর্ঘদিন ধৰি অসুস্থ , হৈ আছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ । ১৯৩০ চনত নগাঁৱৰ কামপুৰৰ তেতেপ্সিৰা গঁৱত জন্মগ্রহণ কৰা গুণসিন্ধু হাজৰিকাই অসমীয়া চলচ্চিত্র জগতলৈ আগবঢ়াই গৈছে বিশেষ অবদান । ১৯৬০ ৰ দশকত মুগ্ধইত ৰাজ পুৰৰ এখন ছবিৰ স্পটবয়ৰ কামেৰে তেওঁ চলচ্চিত্র জগতত খোজ পেলাইছিল । তেওঁ সন্ধ্যাৰাগ ( ১৯৭৭ ) , অনির্বাণ ( ১৯৮১ ) , মণিৰাম দেৱান ( ১৯৬৪ ) , ললিতা , আদালত , মৰমী , তামাই , নয়নমণি আদি বহুটো ছবিৰ পৰিচালনা সহকাৰী আছিল । নয়মণি ছবিৰ কাম কৰি থাকোতেই এক দুর্ঘটনাত পতিত হৈ তেওঁ চিৰদিনৰ বাবে দৃষ্টিশক্তি হেৰুৱায় । স্বাধীনভাবে পৰিচালনা কৰা তেওঁৰ একমাত্ৰ অসমীয়া ছবিখন হ’ল ‘ অবুজ বেদনা ' ( ১৯৯৩ ) । শিশুছবি অবুজ বেদনাক হিন্দীত ডাব কৰি দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰমত দেখুৱাওৱা হৈছিল । ইন্দ্ৰমালতী আৰু এখন ছবি তেওঁ স্বাধীনভাবে পৰিচালনা কৰিছিল । সেইখন হ'ল ভোজপুৰী ভাষাৰ ছবি গোৰী । তদুপৰি তেওঁ দুখন বলীউডী ছবি- য়ে কানুন ৰং লায়েগী আৰু জব য়াদ কিস্সিী আতি হ্যায়ৰ পৰিচালনাৰ সৈতে জড়িত আছিল । কামপুৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰোহনে কপিলী বঁটা -২০১৮ ৰে তেওঁক সম্মানিত কৰে । ২০০১ চনত কামৰূপ জিলাৰ উপায়ুক্তই আর্থিক দুর্যোগত ভোগা হাজৰিকাক উপায়ুক্ত কার্যালয় চৌহদত এটা পিচিঅ ' স্থাপন কৰিবলৈ বিশেষ অনুমতি প্ৰদান কৰিছিল । এই ব্যৱয়াসৰ পৰা হোৱা আয় সামান্য আছিল যদিও তেওঁ বিবাবৈ চলি থাকিব প্ৰা হৈছিল । ২০০৯ চনত অসমত এলানি ধাৰাবাহিক বোমা বিস্ফাৰণ সংঘটিত হৈছিল । বিস্ফোৰণৰ পাছত কৰ্তৃপক্ষই সুৰক্ষাজনিত কাৰণত পিচিঅ'টো উঠাই দিছিল । একমাত্র অসম চৰকাৰৰ শিল্পী পেঞ্চনেৰে চলিবলগীয়া হোৱা হাজৰিকাই চৰম দৰিদ্ৰতাৰ সন্মুখীন হৈছিল । মৃত্যুৰ সময়ত তেওঁ পত্নী অৰ্পনা মিশ্ৰ হাজৰিকাৰ লগতে পৰিয়ালবৰ্গক এৰি যায় । তেওঁলোকৰ কোনো সতি - সন্ততি নাছিল । দেওবাৰে দিনৰ ভাগত নৱগ্ৰহ শ্মশানত অনুষ্ঠিত অন্ত্যেষ্টিক্রিয়াত তেওঁৰ মুখাগ্নি কৰে ভাতৃদ্বয় ক্ৰমে গিৰিন্দ্ৰ হাজৰিকা আৰু জয়কান্ত হাজৰিকাই । 

No comments