Breaking News

২১ শতিকাৰ সবাতোকৈ ভয়াৱহ বর্ষ হিচাপে পৰিগণিত হ’বলৈ ওলাইছে ২০২৩ চন । ২০২৩ চনত হৃদৰোগত আক্রান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি



ডিজিটেল ডেস্কঃ ২১ শতিকাৰ সবাতোকৈ ভয়াৱহ বর্ষ হিচাপে পৰিগণিত হ’বলৈ ওলাইছে ২০২৩ চন । ২০২৩ চনত হৃদৰোগত আক্রান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাব পাৰে । হৃদৰোগত মৃতকৰ সংখ্যা বিশ্বৰ কেইবাখনো দেশত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছিল । ইয়াৰ অন্যতম কাৰণ আছিল কোৰোনা মহামাৰী । লণ্ডনৰ কুইন্স মেৰী বিশ্ববিদ্যালয়ৰ অধ্যয়নত দাবী কৰা হৈছে যে কোৰোনাৰ পিচত মগজুত তেজ জমা হোৱা ঘটনা ২৭ গুণ আৰু হৃদৰোগত আক্রান্ত হোৱাৰ ঘটনা ২১ গুণলৈ বৃদ্ধি পাইছে । আনহাতে কোৰোনা মহামাৰীৰ পিচত ইয়াৰ নতুন ৰূপ হিচাপে আন এক বিষাণুৰ সংক্ৰমণ ঘটিব পাৰে , যাক বিজ্ঞানীসকলে ‘ ছুপাৰবাগ ' হিচাপে অভিহিত কৰিছে । ২০২২ চনৰ ৩১ ডিচেম্বৰপর্যন্ত কোৰোনাত বিশ্বজুৰি ৬০ লাখ লোকৰ মৃত্যু হৈছে যদিও ‘ চুপাৰবাগ’ৰ সংক্ৰমণত ১ কোটিৰো অধিক লোকে প্রাণ হেৰুৱাব পাৰে ।

No comments