Breaking News

ৰাইজৰ বাবে মুকলি হ’ল ডিব্ৰু ব্ৰহ্মপুত্র ইক ’ টুৰিজম নামেৰে এখন বিশেষ নাও




ডিজিটেল ডেস্কঃ
বান-খহনীয়াই বিধ্বস্ত কৰা অসমৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ জন্মগাঁও বিন্ধাকটা  পৰ্যটনস্থলীত পৰিণত হৈছে ।  ৰাইজৰ বাবে মুকলি হ’ল ডিব্ৰু ব্ৰহ্মপুত্র ইক ’ টুৰিজম নামেৰে এখন বিশেষ নাও এতিয়াৰে পৰা পৰ্যটকৰ বাবে মুকলি ডিব্ৰু ব্ৰহ্মপুত্ৰৰ ইক আটকধুনীয়াকৈ নিৰ্মাণ কৰা এইখন নাৱতেই উঠি উপভোগ কৰিব পাৰিব । নাৱতেই উপলব্ধ হ'ব বিভিন্ন সুস্বাদু থলুৱা খাদ্যৰ লগতে কণ কণ শিশুসকলৰ বাবে উপলব্ধ বিভিন্ন খাদ্য...সকলো সুবিধা অতি সুন্দৰকৈ পৰ্যটকৰ বাবে কৰি দিছে অঞ্চলটোৰ ৰাইজে । বছৰৰ পহিলা দিনটোতে গাঁওখনৰ নৈ পাৰত নাৱেৰে প্ৰাকৃতিক সৌন্দর্য উপভোগ কৰি ৰাইজৰ লগত এসাঁজ খাই আপ্লুত হৈ পৰিল কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল...নাৱেৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ নৈসর্গিক সৌন্দর্য উপভোগ কৰি পৰিভ্ৰমণ কৰাৰ লগতে খেলা , থকা , খোৱা সকলো সুবিধা পর্যটকলৈ আগবঢ়াই দিছে অঞ্চলটোৰ ৰাইজে ...বিন্ধাকটা গাঁৱৰ স্থানীয় ৰাইজৰ এই প্ৰচেষ্টাই  বিন্ধাকটাক এখন লেখত ল'বলগীয়া আকর্ষণীয় পর্যটনস্থলীত পৰিণত কৰিব...

No comments