Breaking News

কোনোধৰণৰ বিধি নিষেধ আৰোপৰ দাবী নসাৎ কৰিছে সৰ্বোচ্চ ন্যায়লয়ে।



ডিজিটেল ডেস্কঃ
নিৰ্বাচিত চৰকাৰী বিষয়া কৰ্মচাৰী সকলৰ মত প্ৰকাশৰ স্বাধীনতাত কোনোধৰণৰ বিধি নিষেধ আৰোপৰ দাবী নসাৎ কৰিছে সৰ্বোচ্চ ন্যায়লয়ে।মঙ্গলবাৰে ন্যায়লয়ে কয় যে মন্ত্ৰী বিধায়ক সকলে সংবিধানৰ ১৯(১)ক অনুচ্ছেদৰ অধীনত বেলেগ জনসাধাৰণৰ দৰে স্বাধীনতা লাভ কৰিছে। ন্যায়লয়ে কয় যে কোনো মন্ত্ৰীৰ বক্তব্যৰ বাবে চৰকাৰক পৰোক্ষভাৱে দুখী কৰিব নোৱাৰে মন্ত্ৰীজন নিজেই দূষিত হব।জনসাধাৰণৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰৰ স্বাৰ্থত জনপ্ৰতিনিধিৰ আৰু স্বাধীনতাৰ সুযোগত বিধি-নিষেধ আৰোপ কৰিব পৰা যায় নে নাযায়,সেই সম্বন্ধীয় কেইবাখনো আবেদনৰ শুনানিৰ পাচত ন্যায়ালয়ে এই ৰায় দিয়ে। সাংবিধানিক পীঠে কয় নাগৰিকৰ অধিকাৰৰ সৈতে অসামঞ্জস্যপূর্ণ এজন মন্ত্ৰীৰ এটা বিবৃতি সাংবিধানিকভাবে ভুল   চিহ্নিত নহয়, কিন্তু ই যদি কোনো চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা  অপৰাধ কৰাৰ দিশে পৰিচালিত কৰে, তেন্তে সেয়া হ'ব সাংবিধানিক অপৰাধ।"

No comments