Breaking News

দেশৰ উৎপাদিত অৰ্ধ সংখ্যক চাহ অসমত উৎপাদন‌ হয়


 ডিজিটেল ডেস্ক: 
ভাৰতীয় চাহ ব'ডে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা নৱেম্বৰ মাহত অসমে ৬৫.৩৭  নিযুত কিল'গ্ৰাম চাহ উৎপাদন কৰে।বিপৰীত দেশত মাহটোৰ ভিতৰতে উৎপাদন হয় ১৩২.৭৩ নিযুত কিল'গ্ৰাম চাহ।২০২১ চনৰ নৱেম্বৰ মাহত অসমত  চাহ উৎপাদন হৈছিল ৬১.১৫ নিযুত কিল'গ্ৰাম যোৱা বছৰৰ তুলনাত বৃদ্ধি পোৱাটো ৰাজ্যখনৰ চাহৰ অৰ্থনীতিৰ বাবে ভাল খবৰ অৱশ্যে, অসমৰ দৰে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহতো বৃহৎ বাগিচা আৰু ক্ষুদ্র চাহ খেতিয়কসকলে উৎপাদন কৰা চাহৰ পৰিমাণ প্রায় সমান। দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত বৃহৎ বাগিচাই ১০.৮০ নিযুত কিল'গ্ৰাম চাহ উৎপাদন কৰাৰ বিপৰীতে ক্ষুদ্ৰ চাহ খেতিয়কসকলেও ১০.৩৭ নিযুত কিল'গ্ৰাম চাহ নৱেম্বৰ মাহত উৎপাদন কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় চাহ ব'ৰ্ডৰ মুখ্য কাৰ্যালয় পশ্চিম বংগত বছৰ বছৰ ধৰি থকাৰ পাছতো তাত ক্ষুদ্ৰ চাহ খেতিয়কৰ খেতি সীমাবদ্ধ হৈ ৰৈছে

No comments