Breaking News

গোলাঘাট জিলা ঘিলাধাৰী আঞ্চলিক নামঘৰৰ ভূমিদাতা পোনাৰাম শইকীয়াৰ মৃত্যুত শোঁকঃ


ডিজিটেল সংবাদ, গোলাঘাট: 
গোলাঘাট জিলা ঘিলাধাৰী আৰক্ষী থানা অন্তৰ্গত মাহিমলীয়া গাঁৱৰ ধৰ্মপ্ৰাণ বৰ্ষীয়ান ব্যক্তি তথা শ্ৰীমন্ত শংকৰদেৱ সংঘ ঘিলাধাৰী আঞ্চলিক শাখা নামঘৰৰ ভূমিদাতা  পোনাৰাম শইকীয়া (৮৪) আজি নিশা ১২.৪৫ বজাত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। ধৰ্মপ্ৰাণ পোনাৰাম শইকীয়াৰ মৃত্যুৰ খৱৰ পাই শ্ৰীমন্ত শংকৰদেৱ সংঘ ঘিলাধাৰী আঞ্চলিক শাখাৰ বাপ-আই, ঘিলাধাৰী আঞ্চলিক নামঘৰৰ ৰূপালী জয়ন্তী উদ্‌যাপন সমিতিৰ বিষয়বব্বীয়া উপস্থিতহৈ তেখেতৰ নৰশ্বৰ দেহ আঞ্চলিক নামঘৰৰ চৌহদলৈ নি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ উপৰি ঘিলাধাৰী আঞ্চলিক শাখাৰ অন্তৰ্গত ১৫ খন প্ৰাথমিক শাখাৰ আই-বাপ সকলে,সাংবাদিক পৰাগ  বৰুৱা, সাংবাদিক কুমুদ বৰাই শোঁক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। পোনাৰাম শইকীয়াৰ মৃত্যুৰ সময়ত দুগৰাকী কন্যা, তিনিটা নাতি-নাতিনী সহ ইহ-সংসাৰত বহু আত্মীয়ক এৰি থৈ গৈছে। শইকীয়াৰ মৃত্যুত মাহিমেলীয়া অঞ্চলত  এক শোঁকৰ ছাঁই বিৰাজ কৰিছে।

No comments