Breaking News

গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়লৈ ‘নাক’ৰ এ গ্ৰেড...

 


ডিজিটেল ডেস্কঃ গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়লৈ ‘নাক’ৰ এ গ্ৰেড...গোলাঘাটৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান দেৱৰাজ ৰয় মহাবিদ্যালয়লৈ নাকৰ 'এ গ্ৰেড মূল্যায়ন  । ইয়াৰ লগে লগে মহাবিদ্যালয়খনৰ চৌহদত এতিয়া আনন্দৰ বন্যা । গোলাঘাট নগৰৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান দেৱৰাজ ৰয় মহাবিদ্যালয়ে নাকৰ 'এ গ্ৰেড মূল্যায়ন লাভ কৰাৰ খবৰে  মহাবিদ্যালয়খনৰ লগতে সমগ্ৰ নগৰখনকে আনন্দিত কৰি তুলিছে । বেংগালুৰুস্থিত নাকৰ কাৰ্যালয়ৰ তৰফৰ পৰা ঘোষণা অনুসৰি, সাত গ্ৰেড পইণ্টৰ স্কেলত মহাবিদ্যালয়খনে ৩.০৫ পইণ্ট লাভ কৰিছে । আজিৰে পৰা পাঁচ বছৰৰ কাৰণে এই গ্রেড মূল্যাংকন হ'ব । মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° জয়ন্ত বাৰুকীয়াল আৰু আভ্যন্তৰীণ মান নিশ্চিত কোষৰ সহকাৰী সমন্বয়ক বিপ্লৱ গগৈয়ে সকলো ছাত্র-ছাত্রী, শিক্ষক, প্রাক্তন শিক্ষার্থী, শিক্ষক আৰু অঞ্চলবাসীক মহাবিদ্যালয়খনৰ এই সফলতাত কৃতজ্ঞতা জ্ঞাপন কৰিছে । মহাবিদ্যালয়খনে এনেদৰে বর্তমান সময়ত শৈক্ষিক ক্ষেত্ৰখনত ক্ৰমান্বয়ে আগবাঢ়ি যোৱাৰ লগতে শৈক্ষিক ক্ষেত্ৰত প্ৰতিযোগিতামূলক আৰ্হিৰে আগবাঢ়ি যাবলৈ সক্ষম হোৱাত সন্তোষ প্ৰকাশ কৰিছে নগৰবাসীয়ে । উক্ত মহাবিদ্যালয়খনত গোলাঘাট জিলাৰ লগতে কাৰ্বি-আংলং জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আহিছে । ব্যৱহাৰিক শিক্ষাৰ লগতে বিভিন্ন শৈক্ষিক প্ৰণালীৰে শিক্ষাৰ্থীসকলক পাঠদান কৰি অহাৰ বাবে আজিৰ তাৰিখত এই শিখৰত উপনীত হ'বলৈ সক্ষম হৈছে বুলি অধ্যক্ষ গৰাকীয়ে মন্তব্য কৰে। মহাবিদ্যালয়খনৰ এই কৃতিত্বৰ বাবে জননী লাইভৰ তৰফৰ পৰাও সকলো শিক্ষক-কর্মচাৰী আৰু শিক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

No comments