Breaking News

ভোগালীৰ বতৰত চিকিৎসালয়ৰ বিচনাৰ পৰা সৌভাগ্যই বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সহায় ৷


 ডিজিটেল ডেস্ক:
সৌভাগ্যজিৎ বৰা নামৰ ১৬ বছৰীয়া এগৰাকী মেধা ছাত্ৰ   নিজৰ মেধাৰে আগবাঢ়িছিল ৷ সপোন দেখিছিল জ্ঞান অৰ্জনৰে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ৷সেই সপোন বাস্তৱত পূৰ্ণ  হোৱাৰ আগতে সৌভাগ্যজিৎ বৰা আবদ্ধ হ'ব লগা হ’ল চিকিৎসালয়ৰ চাৰিবেৰৰ মাজত ৷  চাত্ৰজনৰ  দেহত ধৰা পৰিল দুৰাৰোগ্য ব্যাধি ৷ সৌভাগ্যজিৎ কিন্তু ভাগি নপৰিল ৷মুম্বাইৰ টাটা কেঞ্চাৰ চিকিৎসালয়ত  হাঁহি মুখে গ্ৰহণ কৰিলে কেঞ্চাৰৰ চিকিৎসা ৷ যোৱা  চাৰি মাহে হাঁহি হাঁহি গ্ৰহণ কৰা চিকিৎসাৰ মাজত সৌভাগ্যই অনুমান  কৰিব পাৰিছে এই চিকিৎসাত বহু খৰচৰ প্ৰয়োজন ৷ নিজৰ সাধাৰণ পৰিয়ালটোৱে চিকিৎসাৰ বাবে ইমান বৃহৎ পৰিমানৰ ধন খৰচ  কৰাটো সম্ভৱ নহয় সৌভাগ্যই দেখিছে পিতৃ-মাতৃৰ অসহায় অৱস্হা ৷ এফালে কেঞ্চাৰৰে লগত  যুঁজ আৰু আনফালে পিতৃ-মাতৃ আৰ্থিক অৱস্হা  ৷ মুম্বাইত চলি থকা চিকিৎসাৰ মাজত সৌভাগ্যক চিকিৎসকে সম্পন্ন কৰিব এক জটিল অস্ত্ৰোপ্ৰচাৰ ৷ভোগালীৰ বতৰত চিকিৎসালয়ৰ বিচনাৰ পৰা সেয়ে সৌভাগ্যই বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সহায় ৷ সামাজিক মাধ্যমৰ জৰিয়তে সৌভাগ্যজিতে মুখ্যমন্ত্ৰীলৈ এক পত্ৰ লিখি বিচাৰিছে সহায়। সৌভাগ্যই লিখিছে - প্ৰথমতে মোৰ সেৱা গ্ৰহণ কৰিব। সন্মান সহকাৰে মই, শ্ৰী সৌভাগ্যজিৎ বৰাই আপোনাক অতি দুখেৰে জনাব বিচাৰো যে, আজি চাৰিমাহে দুৰাৰোগ্য কেন্সাৰ ৰোগ (ewings sarcoma(bone cancer)ত আক্রান্ত হৈ আছো। মই বৰ্তমান টাটা মেম'ৰিল হস্পিতেল, মুম্বাইত চিকিৎসাধীন অৱস্থাত আছো। চাৰিটা কেম’থেৰাপি লৈ শেষ হ'ল যদিও অতি সোনকালেই চার্জাৰীৰ প্ৰয়োজন। অতি খৰচী আৰ দীৰ্ঘম্যাদী এই ৰোগৰ চিকিৎসা প্ৰক্ৰিয়াটো চলাই নিবলৈ আমাৰ কাৰণে বৰ অসম্ভৱ হৈ পৰিছে। আৰু অপেৰেচনটো কৰিবৰ কাৰনেও যথেষ্ট টকাৰ প্ৰয়োজন।তাৰ পিছতো আৰু কেম'থেৰাপিৰ প্ৰয়োজন হ'ব। মা-দেউতাৰ চিন্তাক্লিষ্ট মনটো দেখি মই বাৰুকৈয়ে অনুভৱ কৰিব পাৰিছো তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰা তেওঁলোকৰ মানসিক কাৰুন্যতা তথা আৰ্থিক দৈন্যতাৰ কথা, মই ২০২২ চনৰ HSLC পৰীক্ষাত সকলোকেইটা বিষয়তে লেটাৰ মাৰ্কছসহ ৯২ শতাংশ নম্বৰেৰে আৰু গণিতত সর্ব্বোচ্চ ১০০ নম্বৰ লৈ ডিষ্টিংছনসহ উত্তীৰ্ণ হৈছিলো। বহু আশা আৰু সপোন বুকুত বান্ধি লক্ষ্যস্থিৰ কৰি ৰামানুজন জুনিয়ৰ কলেজ, নগাওঁত বিজ্ঞান শাখাত নাম ভৰ্তি কৰিছিলো। অতি আগ্ৰহেৰে ডেৰ মাহ ক্লাছ কৰিছিলোহে মাত্ৰ, তেনেতে অত্যন্ত ভৰি বিষ হোৱাত ডাক্তৰৰ ওচৰলৈ যোৱাত পর্যায় ক্ৰমে হোৱা পৰীক্ষা নিৰীক্ষাত মোৰ BONE CANCER (Ewing Sarcoma) ধৰা পৰে ৷ মই ভৱিষ্যতে IIT ত শিক্ষা গ্ৰহণ কৰি এজন সফল Software Engineer হোৱাৰ লক্ষ্য আগত লৈ পঢ়াশুনাত মনোনিৱেশ কৰিছিলো।কিন্তু হঠাতে অহা এই কাল ধুমুহাই বর্তমান সকলো স্থবিৰ কৰি পেলাইছে। মহাশয় মই অতিশীঘ্ৰে এই স্হবিৰ হৈ ৰোৱা সময়খিনিৰ পৰা উদ্ধাৰ বিচাৰি মোৰ লগৰ আন দহজনৰ দৰে মোৰ শিক্ষাজীৱনটো আগুৱাই নিব বিচাৰো।মহোদয়ৰ ওচৰত মোৰ কাতৰ অনুৰোধ আপোনাৰ আশীৰ্বাদ আৰু আৰ্থিক সহায়েৰে মোক মোৰ ভৱিষ্যত গঢ়ি তোলাত সহায় কৰে যেন। ইতি ,আপোনাৰ বিশ্বাসী, সৌভাগ্যজিৎ বৰা, ম'বাইল নং ৯৮৫৯৫৩৯৬৩৭ ৷নগাঁও জিলাৰ কঠিয়াতলিৰ বাসিন্দা সৌভাগ্যজিৎ বৰাৰ বেদনাদায়ক  বাতৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত পৰিব ৷  ছাত্ৰগৰাকীৰ মূখত হাঁহি বিৰঙিব ৷

No comments