Breaking News

বাল্য বিবাহ সন্দৰ্ভত বিগত দুদিনত ৪০৭৪ টা গোচৰ পঞ্জীয়ন কৰা হৈছে

 


ডিজিটেল ডেস্ক:বাল্য বিবাহ সন্দৰ্ভত বিগত দুদিনত ৪০৭৪ টা গোচৰ পঞ্জীয়ন কৰা হৈছে ।  ২০৪৪ টা অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে । এই তথ্য সদৰি কৰে আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে । গুৱাহাটীৰ উলুবাৰীস্থিত আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অবৈধ স্বামীৰ সন্ধানত আৰক্ষী.....আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে কয় যে বাল্য বিবাহ ঘটনাত জড়িত ৫২ জন কাজী আৰু ৫ জন পুৰোহিতক গ্ৰেপ্তাৰ কৰা হৈছে । আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে সদৰি কৰা অনুসৰি মুখ্যমন্ত্রী ড ° হিমন্ত বিশ্ব শৰ্মাই দুমাহ পূৰ্বে ৰাজ্যত উদ্বেগজনকভাৱে বাল্য বিবাহ হোৱা বুলি তথ্য লাভ কৰে । এই তথ্যৰ ভিত্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ সন্দৰ্ভত তদন্ত কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়ে ।শুকুৰবাৰে দিনৰ ৩ বজালৈকে বজালী জিলাত ৫৩ টা গোচৰ ৰুজু কৰি ৩০ জনক গ্ৰেপ্তাৰ কৰে , বাগ্‌সাত ১৫৩ টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ১২০ জনক গ্ৰেপ্তাৰ , বৰপেটাত ৮১ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ১১৪ জনক গ্ৰেপ্তাৰ , বিশ্বনাথত ৯৭ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ১৩৭ জনক গ্ৰেপ্তাৰ , বঙাইগাঁও জিলাত ১২৩ টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ৮৭ জনক গ্ৰেপ্তাৰ , কাছাৰত ৫০ টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ৭২ জনক গ্ৰেপ্তাৰ , চৰাইদেউত ৭৮ টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ৬৫ জনক গ্ৰেপ্তাৰ কৰা , চিৰাঙত ৫৪ টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ৪০ জনক গ্ৰেপ্তাৰ , দৰঙত ১২৫ টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ৪২ জনক গ্ৰেপ্তাৰ , ধেমাজিত ১০১ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ২৯ জনক গ্ৰেপ্তাৰ , ধুবুৰীত ৩৭৪ টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ১২৬ জনক গ্রেপ্তাৰ , ডিব্ৰুগড়ত ৮৩ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ৬ জনক গ্ৰেপ্তাৰ , ডিমা হাচাউত ২৪ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ২৪ জনক গ্ৰেপ্তাৰ , গোৱালপাৰাৰত ১৫৭ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ৭২ জনক গ্ৰেপ্তাৰ , গোলাঘাটত ৬২ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ২০ জনক গ্ৰেপ্তাৰ , হাইলাকান্দিত ১০৯ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ৭৬ জনক গ্ৰেপ্তাৰ , হোজাইত ২৫৫ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ৯৬ জনক গ্ৰেপ্তাৰ , হামতে ১৫ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ১ জনক গ্রেপ্তাৰ , যোৰহাটত ২৫ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ৮ জনক হেপ্তাৰ কামৰূপত ৮০ টা গোচৰ পঞ্জীয় কৰাৰ বিপৰীতে ৭০ জনক গ্ৰেপ্তাৰ , কাৰ্বি আংলঙত ১২৬ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ৫৩ জনক গ্ৰেপ্তাৰ , কোকৰাঝাৰত ২০৪ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ৯৪ জনক গ্ৰেপ্তাৰ কৰিমগঞ্জত ৯২ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ৭৯ জনক গ্ৰেপ্তাৰ , লক্ষীপুৰত ৩৩ টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ২২ জক গ্ৰেপ্তাৰ , মাজুলীত ৪৩ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ২৪ জনক গ্ৰেপ্তাৰ মৰিগাঁৱত ২৪৪ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ৬৯ জনক গ্ৰেপ্তাৰ , নলবাৰীত ১৭১ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ৩৫ জনক গ্ৰেপ্তাৰ , নগাঁৱত ১৪১ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ৯৭ জনক গ্ৰেপ্তাৰ , শদীয়াত ৯৭ টা গোচৰ পঞ্জীয় কৰাৰ বিপৰীতে ৩৮ জনক গ্রেপ্তাৰ , শিৱসাগৰত ৫১ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ২৪ জনক গ্ৰেপ্তাৰ , শোণিতপুৰত ৬০ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ২০ জক গ্ৰেপ্তাৰ , দক্ষিণ শালমাৰাত ১৪৫ টা গেচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ৩৬ জনক গ্ৰেপ্তাৰ , তিনিচুকীয়াত ৭৩ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ৩১ জনক গ্ৰেপ্তাৰ , তামুলপুৰত ১১০ টা গেচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ৬২ জক গ্ৰেপ্তাৰ , ওদালগুৰিত ২১৩ টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ৫৮ জনক গ্ৰেপ্তাৰ , গুৱাহাটী আৰক্ষী আয়ুক্তত ১৯২ টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ৫৯ জনক গ্ৰেপ্তাৰ কৰা হৈছে । বাল্য বিবাহৰ গোচৰৰ সৰহ সংখ্যক অপৰাধী আত্মগোপন কৰাৰ কথা উল্লেখ কৰি ডিজিপি জিপি সিঙে পলাতক অপ্ৰাধী কেইজনক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি কয় । ২০২০ , ২০২১ আৰু ২০২২ চনৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে বাল্য বিবাহৰ গোচৰ লোৱাৰ কথা ব্যক্ত কৰি ডিজিপি সিঙে কয় যে গাঁওবুঢ়া , ৰাইজ আৰু পৰিয়ালৰ তথ্যৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে । বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা লোক সকলক প’স্ক এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হ'ব বুলি ডি জি পিয়ে সংবাদিকক জানিবলৈ দিয়ে । 

No comments