Breaking News

কাইলৈ মোডীয়ে শুভাৰম্ভ কৰিব ই - টুৱেণ্টি’ৰ বিক্ৰী ...



 ডিজিটেল ডেস্ক: কাইলৈ মোডীয়ে শুভাৰম্ভ কৰিব ই - টুৱেণ্টি’ৰ বিক্ৰী ... পেট্ৰ'লৰ লগত মিহলি কৰা হ’ব ২০ % ইথানল.... ...২০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ'ল— ‘ যাৰ নাম দিয়া হৈছে ই টুৱেণ্টি ’ । ২০১৪ চনত ১.৪ শতাংশ ইথানল মিহলি কৰাৰ পিচত  নৱেম্বৰ মাহত ইন্ধনত দহ শতাংশপর্যন্ত ইথানল মিহলি কৰা হৈছে । ইয়াৰ পিচত কেন্দ্রই ইন্ধনত ২০ শতাংশ ইথানল মিহলি ২০৩০ চনতহে কৰিব বুলি লক্ষ্য নিৰ্ধাৰণ কৰিছিল । কিন্তু অহা ছয় ফেব্ৰুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে বেংগালুৰুত ই - টুৱেণ্টি বিক্ৰীৰ শুভাৰম্ভ কৰিব ।  পেট্রলত ২০ শতাংশ ইথানল মিহলি কৰা লক্ষ্য কেন্দ্ৰই ২০২৫ , চনলৈ আগুৱাই অনাৰ পিচত শেহতীয়াকৈ আকৌ জি -২০ ৰ লগত সংগতি ৰাখি ২০২৩ চনলৈ আগুৱাই আনিছে । চৰকাৰী সূত্ৰৰ মতে চৰকাৰে বিদেশৰ পৰা অনা খাৰুৱা তেলৰ পৰিমাণ আৰু দেশত কার্বন নির্গমণ হ্ৰাস কৰিবৰ বাবে অধিক ইথানল মিহলি কৰি পেট্ৰ'লৰ বিক্ৰী কৰিব বিচাৰিছে । মোডীয়ে এইবিধ পেট্ৰ'লৰ বিক্ৰী মুকলি কৰাৰ লগতে ‘ ছলাৰ ইলেক্ট্রিক কুকটপ ’ মুকলি কৰিব । ইণ্ডিয়ান অইলৰ গৱেষণা আৰু উন্নয়ন শাখাই নিৰ্মাণ কৰা এই চৌকাবিধে কম কার্বন নির্গমণ কৰে আৰু মূল্যও কম ।

No comments