Breaking News

ছানী লিয়নীৰ শ্ব'ৰ পূৰ্বে বোমা ফুটিল ইম্ফলত





 ডিজিটেল ডেস্ক: ছানী লিয়নীৰ শ্ব'ৰ পূৰ্বে বোমা ফুটিল ইম্ফলত.... শনিবাৰে এটা শক্তিশালী বিস্ফোৰণে মণিপুৰৰ ইম্ফল চহৰক কঁপাই যায় । ইম্ফল চহৰৰ হাট্টা কাঞ্জিবাণ অঞ্চলত এই বিস্ফেৰণৰ ঘটনা সংঘটিত হয় ।  ছানী লিয়নীৰ ফেশ্বন শ্ব'ৰ স্থলীৰ পৰা বিস্ফোৰণ সংঘটিত ঘটনাৰ দূৰত্ব মাত্র ১০০ মিটাৰ ।  অৱশ্যে বাতৰি লিখাৰ পৰলৈকে বিস্ফোৰণৰ ঘটনা বেমা বা শক্তিশালী বিস্ফোৰকৰ দ্বাৰা সংঘটিত হৈছে নে গ্রেণেডৰ দ্বাৰা সংঘটিত হৈছে সেয়া নিশ্চিত হোৱা নাই ৷মণিপুৰ আৰক্ষীৰ এক সূত্ৰই এয়া বোমা বিস্ফোৰণ বুলি দাবী কৰিছে । কোনো উগ্ৰপন্থী সংগঠনে এই বোমা ছানী লিয়নীৰ শ্ব'ৰ পূৰ্বে বোমা ফুটিল ইম্ফলত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই । বিস্ফোৰণত অৱশ্যে কোনো লোক হতাহত হোৱা নাই ।  চুবুৰীয়া ৰাজ্য মণিপুৰত উগ্ৰপন্থীৰ ভাবুকিত দুটা দশকৰো অধিক কাল হিন্দী চিনেমা নিষিদ্ধ ঘোষিত হৈ আহিছে । ১৯৯৮ চনত ৰাজ্যখনৰ এটা উগ্ৰপন্থী সংগঠন পিপুল’ছ লিবাৰেশ্বন আৰ্মি চমুকৈ পিএলএৰ এজন কামাণ্ডাৰ কাঙলা অঞ্চলত সেনা বাহিনীৰ গুলীত নিহত হোৱাৰ পাছৰ পৰাই প্ৰতিবাদ কল্পে সংগঠনটোৱে মণিপুৰত হিন্দী চিনেমাৰ প্ৰদৰ্শনী নিষিদ্ধ কৰিছিল । ১৯৯৮ চনত মণিপুৰত প্ৰদৰ্শিত শেষৰখন হিন্দী চিনেমা আছিল শ্বাহৰুখ খানৰ অভিনীত ‘ কুছ কুছ হোতা হে ’ । মণিপুৰত বিজেপি চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পাছত চৰকাৰে হিন্দী ভাষাৰ প্ৰসাৰত গুৰুত্ব দিছে যদিও হিন্দী চিনেমাৰ নিষিদ্ধকৰণৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই । 



No comments