Breaking News

হিণ্ডেনবার্গ ৰিছাৰ্চ'ৰ প্ৰতিবেদন তথা শ্বেয়াৰ জালিয়াতি প্ৰকাশ পোৱাৰ দহ দিনত আদানি গোষ্ঠীৰ ক্ষতি হৈছে মুঠতে ৯ লাখ ৭৩ হেজাৰ কোটি টকা





ডিজিটেল ডেস্ক: বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তৃতীয় স্থানৰ পৰা ২২ সংখ্যক স্থানলৈ অৱনমিত আদানি  হিণ্ডেনবার্গ ৰিছাৰ্চ'ৰ প্ৰতিবেদন তথা শ্বেয়াৰ জালিয়াতি প্ৰকাশ পোৱাৰ দহ দিনত আদানি গোষ্ঠীৰ ক্ষতি হৈছে মুঠতে ৯ লাখ ৭৩ হেজাৰ কোটি টকা । এই ধনৰ পৰিমাণ হৈছে চলিত বৰ্ষৰ কেন্দ্ৰীয় ৰে’ল বাজেটত ধাৰ্য হোৱা ধনৰ পৰিমাণতকৈ চাৰিগুণ বেছি ।‘ ফৰচুন’ৰ প্ৰতিবেদন অনুযায়ী হিণ্ডেনবার্গ প্রতিবেদন প্রকাশ পোৱাৰ পূৰ্বে আদানি গোষ্ঠীৰ বিভিন্ন কোম্পানীৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ২১ হেজাৰ ৭০০ কোটি ডলাৰ । বিগত দহ দিনত এই পৰিমাণ হৈছেগৈ ৯,৯০০ কোটি ডলাৰ ।  । হিণ্ডেনবার্গে যোৱা ২৪ জানুৱাৰীত প্ৰকাশ কৰা প্ৰতিবেদনৰ মতে যোৱা এটা দশক ধৰি শ্বেয়াৰৰ মূল্যৰ জালিয়াতি কৰি বিনিয়োগকাৰীক ৰামঠান দি আহিছিল আৰু অতি কম দিনৰ ভিতৰতে ৰমৰমীয়া হৈ পৰিছে আদানিৰ ব্যৱসায় । আনকি হিণ্ডেনবার্গে পোহৰলৈ আনে আদানিৰ ভুৱা কোম্পানীৰো তথ্য । আদানিৰ দহটা কোম্পানীৰ শ্বেয়াৰ সৰ্বাধিক তললৈ নামিছে । কোনো শ্বেয়াৰৰ পতন ১৭ শতাংশ হৈছে । সর্বাধিক পতন হৈছে ৫১ শতাংশ পর্যন্ত । যোৱা বুধবাৰে ভাৰতৰ কেন্দ্রীয় বাজেট দাখিলৰ পিচত আদানিয়ে নিজে এফ পি অ ’ বাতিল কৰি বিনিয়োগকাৰীৰ বিশ হেজাৰ কোটি টকা ওভতাই দিয়ে । এই কাৰ্যৰেও আদানিয়ে ঘূৰাই আনিব পৰা নাই কোনো মহলৰ আস্থা । অব্যাহত আছে খহনীয়া । আদানি - টোটেল গেছ কোম্পানীৰ শ্বেয়াৰৰ খহনীয়া হৈছে সর্বাধিক ৫১ শতাংশ ।চাৰি লাখ কোটি টকা । আদানি ট্রেন্সমিছনৰ শ্বেয়াৰ ৩৭ শতাংশ কমি ক্ষতি হৈছে প্রায় তিনি লাখ কোটি টকা । আদানি গ্রীন এনাৰ্জিৰ শ্বেয়াৰ ৪০ শতাংশ কমিল আৰু আদানি পৰ্টছ এণ্ড ছেজৰ শ্বেয়াৰ কমিল ৩৫ শতাংশ যোৱা ৯ টা দিনত । অম্বুজা চিমেণ্টৰ শ্বেয়াৰৰ দাম কমিল প্রায় ৩৩ শতাংশ । আদানি উইলমাৰ'ৰ শ্বেয়াৰ পতন হ’ল ২৩ শতাংশ । খহনীয়াৰ পৰা ৰক্ষা পোৱা নাই এন ডি টি ভি টেলিভিছন চেনেল কোম্পানীৰ শ্বেয়াৰো । দুমাহমানৰ পূৰ্বে আদানিয়ে এই কোম্পানীটোৰ সিংহভাগ শ্বেয়াৰ ক্ৰয় কৰি নিজৰ কৰি লৈছিল । যোৱা দিনকেইটাত এন ডি টি ভিৰ শ্বেয়াৰৰ দাম কমিল ১৭ শতাংশ । উল্লেখযোগ্য যে ২০২০ ত হিণ্ডেনবার্গে ফাদিল কৰিছিল বেটাৰিচালিত গাড়ী নির্মাণকাৰী সংস্থা নিকোলাইৰ শ্বেয়াৰ জালিয়াতি । এই কেলেংকাৰী পোহৰলৈ অহাৰ পিচত সেই কোম্পানীটো দেউলীয়া হৈ পৰিছিল ।



No comments