Breaking News

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যু ।



পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যু। ডুবাইৰ আমেৰিকান হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে  পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে।   মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৯ বছৰ । দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত প্ৰাক্তন সামৰিক শাসকজনে ডুবাইৰ আমেৰিকান হস্পিটেল  চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস পেলায়। 

ইতিমধ্যে ১০ জুনত, তেওঁৰ পৰিয়ালে টুইটাৰত এক বিবৃতি জাৰি কৰিছিল আৰু টুইটটোত উল্লেখ কৰিছিল যে,  ‘প্ৰাক্তন সেনা প্ৰধানজন এনে এক পৰ্যায়ত আছে য'ত "পুনৰুদ্ধাৰ সম্ভৱ নহয় আৰু অংগবিলাক বিকল হৈ পৰিছে’। তেওঁৰ ৰোগৰ জটিলতাৰ বাবে যোৱা ৩ সপ্তাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছে। এটা কঠিন পৰ্যায়ৰ মাজেৰে গৈ আছে, য'ত পুনৰুদ্ধাৰ সম্ভৱ নহয় আৰু প্ৰায় অঙ্গবোৰ বিকল হৈ গৈ আছে। তেওঁৰ দৈনন্দিন জীৱনযাপনত সহজতাৰ বাবে প্ৰাৰ্থনা কৰক,"

তেওঁ ২০১৮ চনত ইউ.এ.ই.-ত জীৱনৰ বাবে বিপদজনক ৰোগ এমাইলইডোচিছত আক্ৰান্ত হৈছিল। এমাইলইডোচিছ হৈছে এক জটিল। জেনেৰেল মুছাৰফে ২০১৬ চনৰ মাৰ্চমাহত চিকিৎসাৰ বাবে ডুবাইলৈ ৰাওনা হৈছিল আৰু তেতিয়াৰ পৰা পাকিস্তানলৈ উভতি অহা নাছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজীৰ ভুট্টো আৰু ৰঙা মছজিদৰ ধৰ্মগুৰু হত্যাৰ গোচৰত তেওঁক পলাতক ঘোষণা কৰা হৈছিল।

 ২০০১ৰ পৰা ২০০৮লৈ পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰু ১৯৯৯ৰ পৰা ২০০১লৈ পাকিস্তান আৰ্মীৰ মুৰব্বী আছিল মুছাৰফ। পাকিস্তান শাসন কৰা মুছাৰফৰ বিৰুদ্ধে উচ্চ দেশদ্ৰোহৰ অভিযোগ আৰোপ কৰা হৈছিল আৰু সংবিধান স্থগিত ৰখাৰ বাবে ২০১৯ চনত মৃত্যুদণ্ড ৰায় দিয়া হৈছিল। পিছত তেওঁৰ মৃত্যুদণ্ড স্থগিত কৰা হৈছিল।

No comments