Breaking News

কীটনাশক পদার্থ থকা শাক পাচলি বজাৰলৈ অহাত বাধা দিব পাৰি সেই বিষয়ে গৃহ , খাদ্য , অসামৰিক যোগান বিভাগক প্রতিবেদন দাখিলৰ নিৰ্দেশ....



 ডিজিটেল ডেস্ক: কি উপায়েৰে ৰাসায়নিক  কীটনাশক পদার্থ থকা শাক পাচলি বজাৰলৈ অহাত বাধা দিব পাৰি সেই বিষয়ে গৃহ , খাদ্য , অসামৰিক যোগান বিভাগক প্রতিবেদন দাখিলৰ নিৰ্দেশ....   ভয়াৱহ ৰূপত ভাবুকি কঢ়িয়াই অসমৰ শাক -পাচলিকে ধৰি কৃষিজাত সামগ্রীত ধৰা পৰিছে বিষাক্ত কীটনাশক  দ্রব্যৰ উপস্থিতি । উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ | মজিয়াত দাখিল কৰা ১,২০০ পৃষ্ঠাৰ প্রতিবেদনৰ পাতে  ৰাসায়নিক দ্রব্য ব্যৱহাৰৰ তথ্য । অধিবক্তা সীমা ভূঞাই দাখিল কৰা ১৮/২০১৮ নম্বৰৰ এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ ভিত্তিতে বিশেষজ্ঞ সমিতিখনে শাক পাচলিকে ধৰি অন্যান্য খাদ্য সামগ্ৰীৰ নমুনা পৰীক্ষা কৰি আদালতত প্রতিবেদন দাখিল কৰে । এই প্রতিবেদন প্রত্যক্ষ কৰাৰ পিচতে এতিয়া সমগ্র বিষয়টোক লৈ কঠোৰ হৈছে ন্যায়ালয় । কি উপায়েৰে ক্ষতিকাৰক ৰাসায়নিক দ্রব্য ধৰা পৰা শাক - পাচলি , খাদ্য - সামগ্ৰী বজাৰলৈ অহাত বাধা দিব পাৰি সেই সন্দৰ্ভত অসম চৰকাৰৰ গৃহ বিভাগৰ আয়ুক্ত - সচিব আৰু খাদ্য আৰু যোগান বিভাগৰ আয়ুক্ত - সচিবক এক প্রতিবেদন দাখিল কৰিবলৈও নির্দেশ দিছে উচ্চ ন্যায়ালয়ে । আদালতৰ নির্দেশমর্মে বিশেষজ্ঞ সমিতিয়ে আঠখন জিলা ক্রমে দৰং , যোৰহাট , ডিব্ৰুগড় , কাছাৰ , তিনিচুকীয়া , শিৱসাগৰ , শোণিতপুৰ গোলাঘাট জিলাৰ পৰা পৰীক্ষাৰ বাবে আৰু শাক - পাচলি , চাহপাত , মাটি , পানী আদিৰ নমুনা সংগ্ৰহ কৰিছিল । পিচত এই নমুনাসমূহ পৰীক্ষা কৰি বিশেষজ্ঞ সমিতিয়ে আদালতত দীঘলীয়া প্রতিবেদন দাখিল কৰে । এনে প্রতিবেদনৰ পৰাই পোহৰলৈ আহে শাক - পাচলি , চাহ পাত আদিত ক্ষতিকাৰক ৰাসায়নিক দ্রব্যৰ উপস্থিতি । লগে লগে সমগ্ৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি উচ্চ ন্যায়ালয়ে বিশেষজ্ঞ সমিতিৰ প্রতিবেদনত উল্লেখ থকা ৰাসায়নিক দ্রব্যসমূহ কিমান ক্ষতিকাৰক সেয়া পৰীক্ষা কৰাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু বিশিষ্ট চিকিৎসকক লৈ এখন সমিতি গঠন কৰিবলৈও স্বাস্থ্য বিভাগক নির্দেশ দিছে ।

No comments