Breaking News

কেৰালাৰ মুছলমান দম্পতীৰ কোলাৰ এটা মুছলমান দম্পতীয়েহিন্দু সন্তান তুলি লৈ সম্প্ৰীতিৰ নিদৰ্শন



ডিজিটেল ডেস্ক:কোলাৰ এটা মুছলমান দম্পতীয়ে ৷  হিন্দু সন্তান তুলি লৈ সম্প্ৰীতিৰ নিদৰ্শন.. কেৰালাৰ মুছলমান দম্পতী মলপ্লুৰম্ জিলাৰ কালিকাভুৰ বাসিন্দা আব্দুল আজিজ হাজী আৰু পেন্নাদন ছুবেইদাই কোলাত তুলি লৈছিল হিন্দু পৰিচাৰিকাৰ ৩ সন্তানক । পৰিচাৰিকা হ'লেও চাকি আছিল তেওঁলোকৰ পৰিয়ালৰ লোকৰ দৰে । এদিন চাক্কিৰ আচম্বিতে মৃত্যু হয় । মাতৃৰ মৃত্যুত অকলশৰীয়া হৈ পৰা চাক্কিৰ তিনি সন্তান শ্রীধৰণ , মানি আৰু লীলাক নিজৰ সন্তানৰ সৈতে মাতৃৰ মৰম দি ডাঙৰ - দীঘল কৰিলে ছুবেইদাই । ধর্মপ্রাণ মুছলমান দম্পতীটোৰ বাবে এই কাম একেবাৰেই সহজ নাছিল । কিন্তু সমাজৰ গোড়ামি , ৰঙা চকুক উপেক্ষা কৰিছিল এই দম্পতীটোৱে । তিনিটা হিন্দু শিশুক তুলি লৈ সিহঁতৰ পিতৃ - মাতৃ হৈছিল তেওঁলোক । অথচ কোনোদিনেই চাক্কিৰ তিনি সন্তানক ধৰ্মান্তৰিত কৰাৰ চেষ্টা নকৰিলে আব্দুল আজিজ হাজী আৰু থেন্নাদন ছুবেইদাই । মানৱীয়তাৰ এই নিটোল কাহিনীৰে নিৰ্মাণ কৰা হৈছে দক্ষিণৰ চিনেমা ‘ এ ছাছাম্ শ্ৰীধৰণ ’ । কিন্তু চিনেমাতকৈও অধিক স্পর্শকাতৰ আৰু মমতাভৰা আছিল বাস্তব । কেৱল ধৰ্মান্তৰকৰণৰ চেষ্টা নকৰাই নহয় , পালিত তিনি হিন্দু সন্তানক নিয়মিত মন্দিৰলৈ পঠিয়াইছিল মুছলমান পিতৃ - মাতৃয়ে । চলিত বছৰৰ ৯ জানুৱাৰীত কোলাত ‘ এন্ন ছাছাম্ শ্ৰীধৰণ’ক মুক্তি দিয়া হৈছে । মুক্তিৰ লগে লগে সমাদৰ লাভ কৰিছে চিনেমাখনে । বৃক্কৰ অসুখত ভুগি ২০১৯ চনৰ জুলাইত ছুবেইদাৰ মৃত্যু হয় । তাৰ দুবছৰ পিচত ২০২১ চনত আব্দুল আজিজ হাজীয়েও পৃথিৱীৰ পৰা মেলানি মাগে । এই মানৱিক সম্পৰ্কৰ কাহিনী প্রথম পোহৰলৈ আহে ২০১৯ চনত । ফেচবুকৰ এটা প'ষ্টত শ্ৰীধৰণে লিখিলে তেওঁৰ ‘ উন্মা ’ , অৰ্থাৎ , মালয়ালম ভাষাত মুছলমান মাতৃৰ কাহিনী । বহুতে সমালোচনা কৰিছিল যে এইটো এটা ভুৱা একাউণ্ট আৰু লিখা হৈছে মনেসজা গল্প । পিচত সকলোৱে জানিলে ওমানত আবদ্ধ হৈ পৰা পুত্ৰই ' উম্মা'ক শেষবাৰৰ বাবে দেখা নাপাই কৰিছিল এই আৱেগভৰা প'ষ্ট । সংবাদ মাধ্যমক শ্ৰীধৰণে কয়— উম্মা - উপ্পাৰ তিনিটা সন্তান থকাৰ পিচতো ঘৰখনত তেওঁলোকৰ তিনি ' ভাই - ভনীয়ে নিজকে কেতিয়াও অবাঞ্ছিত বুলি অনুভৱ কৰা নাছিল । তেওঁ কয়— নিজৰ ঘৰ বুলিলে আমি উম্মাৰ ঘৰকে বুজো । উম্মাৰ কোলাই আছিল আমাৰ নিৰাপদ আশ্রয় । আমাক স্তন পান কৰাইছে উম্মাই । সেইজন শ্ৰীধৰণ মাতৃৰ শেষ সময়ত কাষত থাকিব পৰা নাছিল । আৱেগ আৰু শোকত অস্থিৰ হৈছিল বিদেশৰ মাটিত । মাতৃ বিৰহত তেওঁ কান্দিছিল অকলে । সকলোকে জনাব খুজিছিল মৰমৰ উন্মাৰ কথা । জন্মদাত্রী মাতৃ চাক্কিৰ যেতিয়া মৃত্যু হৈছিল , তেতিয়া শ্ৰীধৰণৰ বয়স আছিল মাত্র এবছৰ । শ্রীধৰণৱ পিতৃ আছিল । দুগৰাকী বায়েকো আছিল । কিন্তু মাতৃৰ মৃত্যুৰ দিনাই তিনিও সন্তানক পালন কৰিবলৈ লৈ আহিছিল আব্দুল আজিজ হাজী আৰু থেন্নাদন ছুবেইদাই । তেতিয়াৰ পৰাই এই তিনি হিন্দু শিশুৰ তেওঁলোক হৈ পৰিছিল হেঁপাহৰ উম্মা - উপ্পা । নিজৰ সন্তানৰ লগতে তেওঁলোকে দুই বায়েকসহ শ্ৰীধৰণক শিক্ষিত কৰিলে । আনকি হিন্দু নিয়ম মানি দুয়োজনী জীয়ৰীক বিয়াও দিলে তেওঁলোকে । শৈশৱ সুঁৱৰি শ্ৰীধৰণে কয়— ‘ মই আৰু মোৰ দুজনী বাইদেউ কপালত চন্দ্ৰনৰ ফোঁট লৈ মন্দিৰলৈ গৈছিলো । উম্মা উগ্গাই আমাক শিকাইছিল— ধর্ম মানে আনক আঘাত দিয়া নহয় । চুৰ কৰা পাপ । অসৎ আচৰণ কৰা উচিত নহয় । সকলোকে ভাল পাবলৈ আৰু সহায় কৰিবলৈ শিকাইছিল আমাক । ' তেওঁলোকে দুখ পাব পৰা কাম আমি কৰা নাছিলো । আমি কেতিয়াও ভাবিব পৰা নাছিলো যে আমাৰ কোনোবা জন্মদাত্রী মা আছিল । ' ফে'চবুক প'ষ্ট পঢ়িয়েই এই কাহিনীৰে চিনেমা নিৰ্মাণৰ সিদ্ধান্ত লৈছিল পৰিচালক ছিদ্দিক পৰাভুৰে । ইতিমধ্যে ৫৫ সংখ্যক গোৱা চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈছে ‘ এন্ন ছাছাম্ শ্ৰীধৰণ ” ।

No comments