Breaking News

বেংকিং খণ্ডৰ জ্যেষ্ঠ ব্যক্তি কাশীনাথ হাজৰিকাৰ দেহাৱসান

ৰাজ্যৰ বেংকিং খণ্ডৰ এখন অতিকৈ জনপ্ৰিয় চিনাকি মুখ তথা বেংকিং সেৱাৰ উন্নয়নৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰা জ্যেষ্ঠ বিষয়া কাশীনাথ হাজৰিকাৰ দেহাৱসান। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১ বজাত মৃত্যু হয় হাজৰিকাৰ। ভাৰতীয় ষ্টেট বেংক বিষয়া সন্থাৰ সভাপতি, উত্তৰ পূব বিত্তীয় উন্নয়ন নিগম চমুকৈ নেডফিৰ অধ্যক্ষ পদৰ দৰে গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰা জ্যেষ্ঠ বিষয়া কাশীনাথ হাজৰিকাই অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বেংকিং খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।  অসম আৰু উত্তৰ পূৰ্বাঞ্চলত বেংকৰ প্ৰবেচনাৰী অফিচাৰ আৰু অন্যান্য বিষয়া কৰ্মচাৰীৰ নিয়োগৰ হাৰ বৃদ্ধি কৰি বেংক সেৱা ত্বৰান্বিত কৰাৰ বাবে তেখেতে পদক্ষেপ গ্ৰহণ কৰিছিল। কাশীনাথ হাজৰিকাৰ মৃত্যুত সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বেংকিং খণ্ডত শোকৰ ছাঁ পৰিছে। 

No comments