Breaking News

এইবাৰ পুনৰ এক‌ হাজাৰ কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে

ডিঙিলৈকৈ ধাৰত পোত গৈ থকা অসম চৰকাৰে ৰাজহ ঘাটি জোৰা মাৰিবলৈ পুনৰ ল'ব ১ হাজাৰ কোটি টকাৰ ঋণ। ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক‌ নিলাম কৰি এক হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ বাবে নিবিদা প্ৰকাশ কৰিছে।১৪ মাৰ্চত নিবিদা দাখিলৰ দিন ধাৰ্য কৰি‌ ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰিছে চৰকাৰে।চলিত বৰ্ষৰ প্ৰথম দুটা মাহতে অসম চৰকাৰে মুঠ ৩,২০০ কোটি টকা ঋণ লোৱাৰ পিছত এইবাৰ পুনৰ ১০০০ কোটি টকা ঋণ লোৱাৰ বাবে নিবিদা প্ৰকাশ কৰিছে।যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে বিভিন্ন উৎসৰ পৰা‌ লোৱা ঋণৰ পৰিমাণ এই পৰ্যন্ত ১ লাখ ৪২ হাজাৰ কোটি টকালৈ বৃদ্ধি পালে। উল্লেখযোগ্য যে ইয়াৰ আগতেও অসম চৰকাৰে মুকলি বজাৰৰ পৰাও কোটি কোটি টকা ঋণ লৈছিল। বিত্ত এটা সূত্ৰই সদৰী কৰা মতে ঋণৰ বাবদ অসম চৰকাৰে প্ৰায় ৩৫ হাজাৰ কোটি টকা সুদ পৰিশোধ কৰিব লগা হৈছে।পূৰ্বৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ তুলনাত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অধিক ঋণ লোৱা বুলিও চৰ্চা লাভ কৰিছে।অথচ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ ঋণৰ পৰিমাণ আছিল মাত্ৰ ৩৫,৬৯০ কোটি টকা। অভিযোগ অনুসৰি অসম চৰকাৰে হিতাধিকাৰী আঁচনিৰ ধনৰ জোৰা মাৰিবৰ বাবেই প্ৰতি‌ মাহে ঋণ ল'বলগীয়া হৈছে। উল্লেখ্য যে, কৰ্মচাৰীক বেতন আৰু পেঞ্চন প্ৰদান, অৰুণোদয় আঁচনি, উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উৰ্ত্তীণসকলক স্কুটি প্ৰদান কৰা,মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক সাহায্য প্ৰদান কৰা‌ আদিৰ নামত  বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি আহিছে। শেহতীয়াভাৱে ১৪ এপ্ৰিলৰ বিহুৰ গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ নামতো ১০০ কোটি টকা খৰচ কৰিব বুলি উল্লেখ কৰিছে। মন কৰিবলগীয়া কথা‌ যে অসম চৰকাৰে পুঁজিৰ ক্ষেত্ৰত সদায়ে কেন্দ্ৰৰ ওচৰত নিৰ্ভৰশীল যদিও এতিয়া কেন্দ্ৰ‌ই জি এছ টিৰ ক্ষতিপূৰণো বন্ধ কৰি দিছে।যাৰ বাবে এতিয়া নিজা ৰাজহ‌ সংগ্ৰহত আৰু ঋণ লোৱাত গুৰুত্ব দিছে ৰাজ্য চৰকাৰে। 

No comments