Breaking News

আফগানিস্তাৰত বিস্ফোৰণত নিহত প্ৰাদেশিক গভৰ্ণৰ



বৃহস্পতিবাৰে মাজাৰ-ই-শ্বৰীফ চহৰত গৰ্ভণৰ কাৰ্যালয়ক লক্ষ্য কৰি কৰা এক বিস্ফোৰণত আফগানিস্তানৰ উত্তৰ বাল্খ প্ৰদেশৰ ৰাজ্যপাল নিহত হয় বুলি কাবুলত তালিবান পৰিচালিত চৰকাৰৰ মুখপাত্ৰই নিশ্চিত কৰিছে।

মুজাহিদে এক টুইটযোগে কয় যে , "দুৰ্ভাগ্যবশতঃ মই তথ্য পাইছো যে হাজ্জি মোল্লা মহম্মদ দৌদ মাজামিল ইছলামৰ শত্ৰুৰ দ্বাৰা আয়োজিত বিস্ফোৰণত নিহত হৈছিল।"

আৰক্ষীয়ে জনোৱা অনুসৰি, মাজামিলৰ কাৰ্যালয়ৰ দ্বিতীয় মহলাত পুৱা ৯.২৭ বজাত বিস্ফোৰণটো সংঘটিত হয়। এজন আত্মঘাতি বোমাৰুৱে নিজকে বিস্ফোৰিত কৰাৰ ফলতে সমগ্ৰ ঘটনাটো সংঘটিত হয়। যাৰ ফলত আত্মাঘাতী বোমাৰুৰ লগতে ৰাজ্যপালকে ধৰি আন দুজন নোহত নিহত হয়। এই আক্ৰমণত এজন অসামৰিক লোকসহ আৰু দুজন লোক আহত হয়।

২০২১ চনৰ আগষ্টত তালিবানে আফগানিস্তানত ক্ষমতা দখল কৰাৰ পিছত কাবুল শাসনৰ বিৰোধিতা কৰা সশস্ত্ৰ গোটসমূহে প্ৰথমবাৰৰ বাবে এগৰাকী উচ্চ পদস্থ বিষয়াক লক্ষ্য কৰি লৈছে। বৰ্তমানলৈকে কোনো গোট বা ব্যক্তিয়ে এই  আক্ৰমণৰ  দায়িত্ব স্বীকাৰ কৰা নাই।

No comments