Breaking News

অসমৰ জীয়ৰী ড০ সুচাৰিতা গুপ্তা, বানাৰাস ঘাৰানাদাৰ


অসমৰ জীয়ৰী সুপ্ৰসিদ্ধ ড০ সুচাৰিতা গুপ্তা,  বানাৰাস ঘাৰানাদাৰ এক পৰিচিত নাম। বানাৰাসৰ মাটিৰ গোন্ধত আছে  ধৰ্মীয় মন্ত্ৰৰ প্ৰতিধ্বনি, য'ত গীত-নাট-বাদ্যৰ দ্বাৰা প্ৰকাশিত বেদৰ বাণীত অতি পুৰণি কালৰ পৰা অন্তৰাত্মা স্পৰ্শ কৰি যোৱা, বিশেষ কৈ শাস্ত্ৰীয় সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ যেন নিগৰিত কিৰণ।বানাৰাস বুলিলে অলিয়ে-গলিয়ে সিচঁৰিত হৈ থকা শিৱ নগৰীৰ প্ৰতিখন দেৱালেই  যেন ইংগিত দিয়ে পৌৰাণিক কলা-কৃষ্টিৰ সুন্দৰময়ী সংগীতৰ মূল মন্ত্ৰ, য'ত  বিচাৰি পাই জীৱনজোৰা সাধনাৰ এক সুকীয়া ধৈৰ্য্য শক্তি আৰু সাহসৰ মূল মন্ত্ৰ। অসমৰ জীয়ৰী হৈয়ো সুদীৰ্ঘ কাল বানাৰসী সংগীতৰ মাধ্যমেৰে নিজৰ জীৱন অৰ্পণ কৰা সুকণ্ঠী‌ গায়িকা , বিশেষকৈ শাস্ত্ৰীয় কণ্ঠ শিল্পী ড০ সুচাৰিতা গুপ্তা জন্ম গ্ৰহণ কৰিছিল অসমৰ ডিব্ৰুগড় চহৰত। আজি তেখেত সুদুৰ বানাৰাস ঘাৰাণাদাৰ বোৱাৰী। ড০ গুপ্তা বানাৰাস ঘাৰানাদাৰে শ্ৰীযুতা সবিতা দেৱীৰ টোলত শাস্ত্ৰীয় সংগীতত শিক্ষা লাভ কৰিছিল। অসমৰ জীয়ৰী হৈয়ো যি গৰাকীয়ে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ভূজপুৰী ভাষাৰ কলাকৃষ্টি পৰম্পৰাৰ লগত নিজকে খাপ খুৱাই সংগীত প্ৰেমী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। বৰ্তমান তেওঁ অভতন সংস্থাৰ দ্বাৰা সংগীতৰ শিক্ষা দি আহিছে । লগতে দুখনকৈ সংগীতৰ প্ৰতিষ্ঠানত ছাত্ৰ ছাত্ৰীক শাস্ত্ৰীয় সংগীতৰ শিক্ষা প্ৰদান কৰি আছে। ২০০৯ চনত মাউৰিতিয়াচ প্ৰেচিডেণ্টৰ দ্বাৰা উন্মোচিত হোৱা তেওঁৰ ভোজপুৰী সংগীতৰ কেছেটে সমাজত যথেষ্ট সমাদৰ লাভ কৰিছে।

    তেওঁৰ জীৱনজোৰা সাধনাৰ বাবে উত্তৰ প্ৰদেশৰ সঙ্গীত নাটক একাডেমি বঁটাৰে বিভূষিত কৰা হৈছিল। লগতে গুৰু দ্ৰুণাচাৰিয়া পুৰস্কাৰ লাভ কৰিছিল দি টাইমছ অফ ইণ্ডিয়াৰ জৰিয়তে। ২০১৫ চনত লাভ কৰিছিল বানাৰাস ৰত্ন আৰু পৰৰ্বতী কালত পুৰ্বাঞ্চল ৰত্ন ইত্যাদি। ইয়াৰ উপৰিও ২০২০ চনৰ জানুৱাৰী মাহত শাস্ত্ৰীয় সংগীতৰ ডক্টৰেট উপাধি লাভ কৰিছিল।

    এই সম্পূৰ্ণ তথ্য যুগুতাই আগবঢ়াই দিছিল বানাৰাস কাশী- হিন্দু বিশ্ববিদ্যালয়ৰ এগৰাকী শাস্ত্ৰীয় সংগীতৰ সুযোগ্য ছাত্ৰ ড০ অমিত সিঙে। তেখেতৰ গুৰুমা ড০ সুচাৰিতা গুপ্তাৰ জন্মভূমি অসমত তেখেতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে। প্ৰণাম।

No comments