Breaking News

চৰাইদেউ মৈদাম ক্ষেত্ৰত পুৰাতত্ব জৰীপ বিভাগৰ কাম কাজক লৈ ক্ষুব্ধ স্থানীয় সচেতন ৰাইজ

 


ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে কেন্দ্ৰীয় চৰকাৰে মনোনীত কৰা ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ এই বিৰল স্বীকৃতি লাভৰ পৰা বঞ্চিত হব পাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ পুৰাতত্ব জৰীপ বিভাগ (এ এছ আই)ৰ বিষয়া কৰ্মচাৰী সকলৰ হেমহীৰ বাবে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে আহোম ৰাজত্বৰ প্ৰথম স্থায়ী ৰাজধানী চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে ভাৰতৰ একমাত্ৰ মনোনয়ন হিচাপে ইতিমধ্যে ইউনেস্কলৈ প্ৰেৰণ কৰিছে। ইউনেস্কলৈ প্ৰেৰণ কৰা ভাৰত চৰকাৰৰ এই আবেদন সংস্থাটোৱে গ্ৰহণ কৰিছে আৰু অহা ছেপ্টেম্বৰ মাহত ইউনেস্কৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ আহাৰ কথা অৱগত কৰিছে। দলটোৰ আগমনৰ পূৰ্বে চৰাইদেউ মৈদাম ক্ষেত্ৰক সকলো তৰফৰ পৰা প্ৰস্তুত কৰি তুলিবলৈ ইতিমধ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিষয়াৰ কেইবাটাও দলে মৈদাম ক্ষেত্ৰ পৰিভ্ৰমণ কৰি গৈছে। ভ্ৰমণ কালত মন্ত্ৰী, বিষয়া সকলে স্থানীয় পৰ্যায়ৰ বিষয়া সকলক বিভিন্ন নীতি নিৰ্দেশনা দি গৈছে। বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত লবলগীয়া প্ৰস্তুতিত যাতে কোনো ক্ৰুটি ৰৈ নাযায় তাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ পুৰাতত্ব জৰীপ বিভাগ (এ এছ আই)ৰ কামকাজক লৈ ক্ষুব্ধ হৈ উঠিছে স্থানীয় সচেতন ৰাইজ। উল্লেখযোগ্য যে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ চাৰিটা মৈদামৰ চোৱা চিতাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ বিভাগটোৰ অধীনত আছে। গতিকে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে মৈদাম এলেকাৰ এই বিশেষ অংশটোৰ উন্নয়নৰ দায়িত্ব পুৰাতত্ব জৰীপ বিভাগ (এ এছ আই)ৰ। কিন্তু এই বিশেষ অংশটোৰ উন্নয়নৰ কামকাজ এই পৰ্যন্ত ২৫ শতাংশও সম্পূৰ্ণ হোৱা নাই। বিশেষকৈ আজিৰ পৰা প্ৰায় ২০ বছৰ পূৰ্বে বিভাগটোৱে গৱেষণাৰ নামত খান্দি থোৱা স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ বুলি ধাৰণা কৰা মৈদামটোৰ উন্নয়নৰ বাবে বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল। কিন্তু ইউনস্কৰ দলটোৰ আগমনলৈ মাজত মাত্ৰ দুমাহ বাকী থকা অৱস্থাত এতিয়া হঠাৎ হাৰপিজ উঠিছে বিভাগটোৰ বিষয়া সকল। বিগত দুদিন ধৰি বিভাগটোৰ বিষয়া সকলৰ নিৰ্দেশ ক্ৰমে মৈদামটোত প্ৰৱেশৰ বাবে নির্মাণ কৰা প্ৰৱেশ পথটো ভাঙি এক নতুন আৰ্হিত নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। কিন্তু বিভাগটোৱে অতি পলমকৈ হাতত লোৱা এই কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিবনে ইয়াক লৈ এতিয়া সচেতন মহলে প্ৰশ্নৰ অৱতাৰণা কৰিছে। কিয়নো ভৰ বাৰিষাৰ সময়ত বিভাগটোৱে চলোৱা নির্মাণ কাৰ্যত বতৰৰ বাধা পোৱাটো নিশ্ছিত। ইয়াৰ উপৰিও বিভাগটোৱে মৈদাম এলেকাটোত আন কেতবোৰ নিৰ্মাণ কাৰ্যও আৰম্ভ কৰিছে যি ইউনেস্কৰ দলটোৰ অহাৰ পূৰ্বে সম্পূৰ্ণ হব নে নাই ইয়াক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে। গতিকে কাৰ্যত বিভাগটোৰ কাম কাজকলৈ এতিয়া স্বাভাৱিকতে স্থানীয় সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

No comments