Breaking News

জ্যেষ্ঠ ৰাজনীতিক, জাতীয়তাবাদী চিন্তা-চেতনাৰে উদ্বুদ্ধ মনজিৎ মহন্তৰ দেহাৱসান



ডিজিটেল ডেস্ক: অসম প্রদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ, এসময়ৰ সাংবাদিক মনজিৎ মহন্তৰ সোমবাৰে নিশা ২ বজাত জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে।  জ্যেষ্ঠ ৰাজনীতিকগৰাকী দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল। প্রথমে নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটনাত তেওঁক জিএমচিএইচলৈ স্থানান্তৰিত কৰা হৈছিল৷ অৱশেষত জিএমচিএইচতে শেষ নিশ্বাস ত্যাগ কৰে মহন্তই

'অসমীয়া প্রতিদিন' কাকতৰ জন্মলগ্নত জড়িত আছিল মহন্ত৷ ১৯৯৯ চনৰ পৰা তেওঁ ‘অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বৈদ্যুতিন মাধ্যমতো সাংবাদিকতা কৰিছিল৷ ইয়াৰ পিছতে তেখেতে সাংবাদিকতা ত্যাগ কৰি সক্ৰিয় ৰাজনীতিত ভৰি দিয়ে। অসম গণ পৰিষদৰ চৰকাৰৰ দিন মনজিৎ মহন্ত অসম চৰকাৰৰ জনসংযোগ বিভাগৰ উপ-সঞ্চালক পৰ্যায়ৰ বিষয়া হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ 

জাতীয়তাবাদী চিন্তা-চেতনাৰে উদ্বুদ্ধ মনজিৎ মহন্ত মানৱ অধিকাৰ আন্দোলনৰ সৈতেও জড়িত হৈ পৰিছিল। মনজিৎ মহন্ত আছিল অসম সংগ্ৰামী মঞ্চৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল। পৰৱৰ্তী সময়ত তেওঁ অসম সংগ্রামী মঞ্চ ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে। মৃত্যুৰ সময়লৈ তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷ 

এইগৰাকী জ্যেষ্ঠ ৰাজনীতিক, বিশিষ্ট সাংবাদিক মনজিৎ মহন্তৰ বিয়োগত এতিয়া সমগ্ৰ ৰাজ্যজুৰি  শোকৰ ছাঁ পৰিছে। তেখেতৰ মৃত্যুত  বিভিন্ন ৰাজনৈতিক দল, তথা সাংবাদিকসকলেও শোকপ্রকাশ কৰিছে।

No comments