Breaking News

সৰুপথাৰ আৰক্ষী থানাৰ পিছফালেই ড্ৰাগছ ব্যৱসায়ীৰ ঘাটি।



ডিজিটেল সংবাদ, ধনশিৰিঃ সৰুপথাৰ আৰক্ষী থানাৰ পিছফালেই ড্ৰাগছ ব্যৱসায়ীৰ ঘাটি। ধনশিৰি মহকুমাৰ সৰুপথাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ ব্যৱসায়ীক বুধবাৰে গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে। সৰুপথাৰ আৰক্ষী থানাৰ পিছফালে থকা বাবুল আলি নামৰ এগৰাকী ব্যক্তিৰ দোকানৰ পৰা উদ্ধাৰ কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি। ৫৫ টা চাবোনৰ বাকচত ভৰাই থৈছিল ড্ৰাগছখিনি । ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১ কোটি টকাৰ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাসৰ নেতৃত্বত চলা অভিযানত উদ্ধাৰ হয় ড্ৰাগছখিনি । বহু দিনৰ পৰা বাবুল আলিয়ে ড্ৰাগছ ব্যৱসায় কৰি ধনশিৰি মহকুমাৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত সৰবৰাহ কৰি আহিছিল বুলি জানিব পৰা গৈছে । 



No comments