Breaking News

তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান, উপস্থিত মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য।



বিশ্বজ্যোতি কলিতা, তেজপুৰঃ তেজপুৰৰ জাতীয় শ্বহীদ বাকৰিত আজি কৃতী শিক্ষাৰ্থীৰ এক ৰাজহুৱাভাৱে সম্বন্ধনা অনুষ্ঠান আয়োজন কৰা হয়।  সভাত  মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি আছুৰ মুখ্যউপদেষ্টা  সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে, অসমত অসমীয়া ভাষা সুৰক্ষা আৰু ৰাজ্যৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ সুৰক্ষাৰ বাবে চৰকাৰে বিশেষ আঁচনি গ্ৰহন কৰক৷ লগতে নতুন শিক্ষানীতিৰ আধাৰত চৰকাৰে এখন কেৰিয়াৰ কাউঞ্চেলিঙৰ ক’ৰ্চ  মুকলি কৰিবলৈ আহ্বান ভট্টাচাৰ্যৰ। লগতে প্ৰাক্তন শিক্ষাবিদ সকলক লৈ এখন বিশেষ কমিটী গঠন কৰি মেধাৱী শিক্ষাথী সকলৰ ভৱিষ্যত গঢ়াৰ বাবে এক সঠিক নিৰ্দেশনা দিয়াৰ প্ৰচেষ্টা লোৱাৰ আহব্যান জনায় ড০ ভট্টাচাৰ্যই  অসমীয়া মাধ্যমৰ বিদ্যালয়ত থকা শিক্ষকৰ অভাৱ পুৰন কৰাৰ বাবে চৰকাৰক দাবী জনায়৷ লগতে অসমত ঔষধি গছৰ গবেষণাকেন্দ্ৰ“ বানত বিধস্ত ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তি ভৱিষ্যত নিৰাপত্তা আৰু বানপানীৰ সুৰক্ষাৰ বাবে এখন বান গৱেষনা কেন্দ্ৰ অচিৰেই প্ৰতিস্থা কৰা আৰু PRCৰ অবিহনে চাকৰি আবেদনৰ যি বিতৰ্কিত সিদ্ধান্ত গ্ৰহণ কৰিছে তাক উঠাই ল’বলৈ দাবী জনায় আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে। 



আজিৰ এই বিশেষ সম্বৰ্ধনা সভাত বিশিষ্ট শিক্ষাবিদ অৱনী কুমাৰ শৰ্মা, ড০ চাৰু চহৰীয়া নাথ, তেজপুৰ কলেজৰ অধ্যক্ষ ড০ জ্যোতিকমল হাজৰিকা উপস্থিত থাকি নিজৰ ভাষণৰ জৰিয়তে নতুনত্বৰ ধ্যানধাৰণাৰে ন ন প্ৰযুক্তিবিজ্ঞানৰ চিন্তাচৰ্চাৰে দেশৰ শিক্ষা, সংস্কৃতি, সাহিত্য আদিৰ বহুমুখী  প্ৰতিভাৰ বিকাশ কৰিবলৈ আহ্বান জনায়৷ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথৰ পৌৰহিত্য সভাত অসম সেনা আৰু   অসম উন্নতি সভাৰ সভাপতি, সম্পাদককে ধৰি কেন্দ্ৰীয়  বিষয়ববীয়াও উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ লগতে প্ৰতিজন ছাত্ৰ ছাত্ৰীকে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই একোখনকৈ গামোছা আৰু সম্বৰ্ধনা পত্রৰে সন্মান যাচে ।

No comments