Breaking News

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট - এদিনীয়া আৰু টি টুৱেণ্টি শৃংখলা সামৰি বোকাখাতত উপস্থিত ক্ৰিকেটাৰ উমা ছেত্ৰী



ভাস্কৰ ৰাজগুৰু, বোকাখাতঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট - এদিনীয়া আৰু টি টুৱেণ্টি শৃংখলা সামৰি বোকাখাতত উপস্থিত ক্ৰিকেটাৰ উমা ছেত্ৰী ৷ বোকাখাতৰ কান্ধুলিমাৰী গাঁৱৰ নিজা বাসগৃহত উপস্থিত হৈ উমাই ব্যক্ত কৰিছে ভাৰতীয় জাতীয় মহিলা ক্ৰিকেট দলত অভিষেক হোৱা মুহূৰ্তৰ অভিজ্ঞতা ৷ বিগত সাত জুলাইত টি টুৱেণ্টি দলত অভিষেকৰ অনুভূতিৰ বৰ্ননা কৰিলে উমা ছেত্ৰীয়ে ৷ সদ্য সমাপ্ত শৃংখলা চলি থকাৰ সময়তে উমাৰ বাসগৃহ ডুব গৈছিল শেহতীয়া প্ৰলয়ংকাৰী বানত ৷ এই খবৰে উদিগ্ন কৰি ৰাখিছিল যদিও দেশৰ বাবে সৰ্বোচ্চ উজাৰি দিছিল বোকাখাতৰ জীয়ৰী উমাই ৷ অনাগত এছিয়া কাপৰ বাবে সাজু হোৱা উমা ছেত্ৰীয়ে অহা ১৫ জুলাইত পুনৰ ভাৰতীয় দলত যোগদান কৰিব ৷



No comments