Breaking News

ডিজিটেল লাইব্ৰেৰীৰ উন্মোচন



ডিজিটেল ডেস্কঃ ৰবিবাৰে সন্ধিয়া ৭ বজাত, ত্ৰাতৃ এপত উপলব্ধ Malabikaz Library ৰ উন্মোচনী অনুষ্ঠানটো গুগল মিটৰ জৰিয়তে হোৱা এক আটক ধুনীয়া অনুষ্ঠানত সফলতাৰে সম্পূৰ্ণ কৰা হয়। ডিজিটেল শিক্ষাৰ সম্প্ৰসাৰণ আৰু জ্ঞানৰ সহজলভ্যৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হয় এই অনুষ্ঠানটো। সুলেখিকা মালবিকা শৰ্মাৰ ব‍্যক্তিগত ডিজিটেল লাইব্ৰেৰী “Malabikaz Library” ৰ উন্মোচক হিচাপে সভাৰ মুখ‍্য অতিথিৰূপে আসন গ্ৰহন কৰে ভট্টদেৱ বিশ্ববিদ‍্যালয়ৰ উপাচাৰ্য‍্য ড০ ধনপতি ডেকাই। তেখেতে ত্ৰাতৃ এপৰ উদ্ভাৱক ত্ৰিদীপ বৰুৱা আৰু মালবিকা শৰ্মাক ধন‍্যবাদ জনাই আজিৰ যুগত ডিজিটেল লাইব্ৰেৰীৰ উপকাৰীতাৰ বিষয়ে সকলোকে সজাগ কৰে। অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে ডিজিটেল পুথিভঁৰাল বৰ্তমান যুগত জ্ঞান আহৰণৰ এক শক্তিশালী মাধ্যম আৰু ই সকলো শ্ৰেণীৰ লোকৰ বাবে উপকাৰী হ’ব। মালবিকা শৰ্মাই  নৱজাগৰণৰ দৰেই আমাৰ সমাজত নতুনকৈ আৰম্ভ কৰা এনে ধৰণৰ চিন্তাধাৰাক ভাষা সাহিত‍্যৰ ক্ষেত্ৰত যোগাযোগৰ সেতুস্বৰূপ বুলি উল্লেখ কৰে। শিক্ষা, সাহিত্য আৰু প্ৰযুক্তি আৰু গণমাধ‍্যমৰ বহু প্ৰতিষ্ঠিত আৰু সন্মানীয় ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁলোকৰ মূল্যৱান ভাষণ প্ৰদান কৰে। হাব্ৰাঘাট কলেজৰ অধ‍্যক্ষ ড০ মন্টু কুমাৰ দাস, আগিয়া কলেজৰ অধ‍্যক্ষ ড০ উৎপল দাস, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰি সূবৰ্ণ শইকীয়া বৰদলৈ, বটড্ৰোৱা কলেজৰ অধ‍্যাপক ড০ ত্ৰিদীৱ গোস্বামী, কটন বিশ্ববিদ্যালয়ৰ অধ‍্যাপক ড০ ধ্ৰুবজ‍্যোতি দাস, সুদূৰ কম্বোডিয়াৰ পৰা কামেড ইউনিভাৰ্চিটিৰ অধ‍্যাপক ড০ তাপস ৰঞ্জন দাশ, সুদূৰ কুৱেইটৰ পৰা অসম সাহিত্য সভাৰ শাখাৰ উপসভাপতি মিতালী গোস্বামী, বিজনী গোস্বামী, টিহু কলেজৰ অধ‍্যাপক হেমেন ৰাজবংশী,  ড০ ভূপেন হাজৰিকা ৰিজিঅনেল ফিল্ম এণ্ড টেলিভিচনৰ অধ‍্যাপক ফাৰুক ইকবাল, বিশিষ্ট লেখক ৰূপম দত্ত, সামজিক মাধ‍্যমত অতি জনপ্ৰিয় তথা সুলেখক ত্ৰিনয়ন সন্দিকৈ, বিশিষ্ট লেখক আৰমান হাজৰিকা, চিনিয়ৰ জাৰ্নালিষ্ট তথা পৰিবেশবিদ অপূৰ্ব বল্লভ গোস্বামী, মুম্বাইৰ পৰা অসম সাহিত্য সভাৰ শাখাৰ সম্পাদক দীক্ষা খাটনিয়াৰ আৰু দেৱীকা বৰপূজাৰীৰ লগতে আন সকলো বিশিষ্ট ব‍্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক বিশেষ মৰ্য‍্যদা প্ৰদান কৰে। 

ত্ৰাতৃ মোবাইল এপ আৰু ডিজিটেল লাইব্ৰেৰীৰ বিষয়ে বিতংভাৱে ব‍্যাখ‍্যা কৰাৰ লগতে এপ স্ক্ৰীণ শ্বেয়াৰিঙৰ জৰিয়তে লাইব্ৰেৰীৰ বিভিন্ন বৈশিষ্ট্য অনুষ্ঠানত প্ৰদৰ্শন কৰে  ত্ৰিদীপ বৰুৱাই। সভাখন আৰম্ভণীৰপৰা শেষলৈ সুন্দৰকৈ পৰিচালনা কৰে সুলেখিকা মণি গোস্বামীয়ে। ৰসজ্ঞৰ মঞ্চত হোৱা এই অনুষ্ঠানটো কাৰিকৰী দলৰ বিশেষজ্ঞতাৰ সুন্দৰকৈ পৰিচালিত হৈছিল। পাপৰি দেৱী, জেউতিশিখা দাস, দিশান্ত পৰাশৰ, অপূৰ্ব পাঠক, সীমান্ত বৰচেতিয়া, গৌতম বায়ন, মিন্টু বৈশ‍্য, সবিতা ৰায়, তানিয়া মধুকল্যৰ সহায় আৰু সহযোগ আদৰণীয়। ডিজিটেল পুথিভঁৰালৰ এই ভাৰ্চুৱেল উন্মোচনী অনুষ্ঠানটো আছিল এক সফল আৰু উল্লেখযোগ্য অনুষ্ঠান। প্ৰযুক্তিৰ জৰিয়তে ভৌগোলিক দূৰত্ব অতিক্ৰম কৰি সকলোৱে একত্ৰিত হৈ শিক্ষা আৰু জ্ঞানৰ এক নতুন অধ্যায় আৰম্ভ কৰিলে। বিশিষ্ট অতিথিৰ উপস্থিতিয়ে অনুষ্ঠানটোক অধিক মৰ্যাদাপূৰ্ণ কৰি তুলিছিল। এই ডিজিটেল পুথিভঁৰালটোৱে ভৱিষ্যতে জ্ঞানৰ পোহৰেৰে বহু লোকক আলোকিত কৰিব বুলি আশা কৰা হৈছে।

No comments