Breaking News

আলফাৰ 'অভিযান প্ৰতিশোধ' আৰম্ভঃ কাকপথাৰৰ সেনা ছাউনীত চলোৱা প্ৰতিশোধমূলক আক্ৰমণৰ কথা স্বীকাৰ কৰিলে আলফা স্বাধীনে

আলফাৰ 'অভিযান প্ৰতিশোধ' আৰম্ভঃকাকপথাৰৰ সেনা ছাউনীত চলোৱা প্ৰতিশোধমূলক আক্ৰমণৰ কথা স্বীকাৰ কৰিলে আলফা স্বাধীনে, দাইছাজানৰ আক্ৰমণৰ পুনৰাবৃত্তি ঘটিল কাকপথাৰত




ৰবীন মৰাণ, পেঙেৰীঃ একবিংশ শতিকাৰ প্ৰাৰম্ভনিতে (বোধ কৰো ২১ জানুৱাৰী, ২০০৩ তাৰিখ) তিনিচুকীয়া জিলাৰ ডুমডুমা থানাৰ অন্তৰ্গত দাইছাজান চাহ বাগিচাস্থিত সেনা শিৱিৰত সংঘটিত হোৱা আলফা বিদ্ৰোহীৰ ভয়ানক আক্ৰমণৰ পুনৰাবৃত্তি ঘটিল কাকপথাৰত। সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন চলি থকা তিনিচুকীয়া জিলাত বেপৰোৱা ভাৱে এদল উগ্ৰপন্থীৰ কেডাৰে সেনা শিৱিৰত আক্ৰমণ চলাই আৰক্ষী থানাৰ সমুখেদিয়ে আঁ‌তৰি যোৱা কাৰ্যই তিনিচুকীয়া জিলাত আইন শৃংখলা ব্যৱস্থাত কেৰোণ থকাটোকেই প্ৰতীয়মান কৰিছে বুলিও সচেতন মহলে মন্তব্য কৰিছে। উল্লেখ্য যে যোৱা নিশা (অৰ্থাৎ ১৭ অক্টোবৰ) কাকপথাৰৰ সেনা শিৱিৰত এখন ট্ৰাকত অহা এদল অস্ত্ৰধাৰী যুৱকে অত্যাধুনিক অস্ত্ৰৰে আক্ৰমণ চলাই দাইছাজান শিৱিৰত সংঘটিত ঘটনাৰেই যেন পুনৰাবৃত্তি ঘটালে। যোৱা ২৪ ঘণ্টাৰ ভিতৰতে অসম আৰু অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া জিলা চাংলাংৰ মানমৌ আৰু তিনিচুকীয়াৰ কাকপথাৰত ক্ৰমে এন এছ চি এন আৰু আলফা (স্বা)ৰ বৃহৎ দলে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। কাকপথাৰৰ আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰো কৰিলে আলফা (স্বা)-এ। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃত্তি মতে যোৱা নিশা ১২-৪০ বজাত কাকপথাৰৰ সেনা ছাউনীত চলোৱা আক্ৰমণৰ ফলত ৩ গৰাকী সেনা জোৱান হতাহত হৈছে। প্ৰেছ বিবৃতিটোৰ মতে সংগঠনটোৱে ১৭ অক্টোবৰৰ নিশা আলফা (স্বা)ৰ সংযুক্ত মুক্তি ফৌজ, অসমৰ সেনানী সকলে কাকপথাৰস্থিত ১৯ গ্ৰেণেডিয়াৰ বাহিনীৰ সেনা ছাউনিত আক্ৰমণ চলায়। এই আক্ৰমণটোক সংগঠনটোৱে ‘অভিযান প্ৰতিশোধ’ নামেৰে নামকৰণ কৰিছে। উল্লেখ্য যে কিছুদিন পূৰ্বে ভাৰত ৰাষ্ট্ৰই আলফা (স্বা)ৰ  শিবিৰত ভয়ংকৰ আক্ৰমণ চলাইছিল, য’ত কেইবাজনো নেতা-কেদাৰৰ মৃত্যু হৈছিল। সেই আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে আলফা (স্বা)ই এই পদক্ষেপ গ্ৰহণ কৰে। জানিব পৰা মতে যোৱা নিশা সেনা শিৱিৰত গুলী বৰ্ষণ কৰাৰ সমান্তৰালকৈ গ্ৰেণেড বিস্ফোৰণ ঘটায় আলফা (স্বা)ৰ দলটোয়ে। এখন ট্ৰাকেৰে অহা আলফাৰ এটা দলে এই আক্ৰমণ সংঘটিত কৰিছিল বুলি কোৱা হৈছে। এ এছ ২৫ ই চি ২৩৫৯ পঞ্জীয়ন নম্বৰৰ উক্ত ট্ৰাকখন ইতিমধ্যে আৰক্ষীয়ে অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ আলফাৰ পূৰ্বৰ ঘাটি ৰূপে জনাজাত টেঙাপানী অঞ্চলৰ ন-দিহিঙৰ পাৰত উদ্ধাৰ কৰিছে। আলফাৰ দলটোৱে উক্ত ট্ৰাকখন ন-দিহিঙত বগৰাই চিন মোকাম নাইকিয়া কৰি দিয়াৰ প্ৰচেষ্টাও চলাইছিল।কিন্তু সম্ভৱ নহ'ল। খবৰ বিয়পি পৰাৰ লগে লগে এই লোমহৰ্ষক কাণ্ডই কেৱল কাকপথাৰ কিম্বা তিনিচুকীয়া জিলাই নহয় সমগ্ৰ অসম জোকাৰি গৈছে। আইন-শৃংখলাজনিত বিষয়ক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অসম আৰক্ষী আৰু বিশেষ ক্ষমতাৰে ক্ষমতাশালী ভাৰতীয় সেনা শিৱিৰত। যোৱা নিশা অত্যাধুনিক অস্ত্ৰৰ গুলী আৰু গ্ৰেণেডৰ শব্দই কাকপথাৰৰ চৌদিশ কঁ‌পাই তোলা  আকস্মিক ঘটনাটোৱে যেন অতীতলৈ মনত পেলাই দিলে কাকপথাৰ বাসীক। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে সেনা-আৰক্ষীয়ে। উল্লেখ্য যে চলিত বৰ্ষৰ জুলাই মাহত নাগালেণ্ড আৰু ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত লংৱাৰ পৰা অৰুণাচল-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাংচ’পাছলৈকে আলফা স্বাধীন, আৰ পি এফ/ পি এল এৰ বিভিন্ন শিৱিৰত ভয়ংকৰ ড্ৰোন আক্ৰমণ সংঘটিত হৈছিল। উক্ত আক্ৰমণত মৃত্যু হৈছিল আলফা(স্বা)ৰ লেফটেনেণ্ট জেনেৰেল নয়ন অসমসহ গণেশ অসম আৰু প্ৰদীপ অসমৰ। পৰৱৰ্তী সময়ত আলফা (স্বা)-এ স্বীকাৰ কৰিছিল যে উক্ত আক্ৰমণত ৩ সদস্যৰ মৃত্যুৰ লগতে ১৯ গৰাকী আহত হয়। সেই আক্ৰমণৰে প্ৰতিশোধ লবলৈ আলফা (স্বা) ই কাকপথাৰৰ সেনা শিৱিৰলৈ গুলী বৰ্ষণ আৰু গ্ৰেণেড নিক্ষপ কৰে। আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সহকাৰী সচিব চেকেণ্ড লেফটেনেণ্ট ঈশান অসম স্বাক্ষৰিত বিবৃত্তিটোত কোৱা হৈছে - 'অভিযান প্রতিশোধ'ৰ জৰিয়তে 'সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)' সংগঠনৰ স্পষ্ট বাৰ্তা যে 'ঔপনিৱেশিক ভাৰতীয় শাসকে তাৰ দখলদাৰী বাহিনীৰ দ্বাৰা যিমানেই অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰেৰে আমাৰ সংগঠনক নিঃশেষ কৰিবলৈ নিবিচাৰক কিয়, কোনো কালেই আমাৰ ঈপ্সিত লক্ষ্য-উদ্দেশ্য, নীতি-আদৰ্শৰ পৰা বিচলিত কৰিব নোৱাৰে। বৰঞ্চ দখলদাৰী বাহিনীৰ তেনে বৰ্বৰতাই আমাৰ মনোবল আৰু অধিক দৃঢ় কৰাত প্ৰেৰণা আৰু উৎসাহে যোগাব।'



No comments