গোলাঘাটত জিজ্ঞাস প্ৰতিভা সন্ধানী পৰীক্ষা সম্পন্ন
ডিজিটেল সংবাদ, গোলাঘাটঃ জিজ্ঞাস শৈক্ষিক ন্যাসৰ উদ্যোগত প্ৰতি বছৰে অনুষ্ঠিত কৰা জিজ্ঞাস প্ৰতিভা সন্ধানী পৰীক্ষা আজি ৰাজ্যজুৰি অনুষ্ঠিত কৰা হয়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোলাঘাট সদৰতো এই পৰীক্ষা অনুষ্ঠিত হয়। শংকৰদেৱ শিশু বিদ্যা নিকেতন, গোলাঘাট কেন্দ্ৰত আজি অনুষ্ঠিত হোৱা জিজ্ঞাস প্ৰতিভা সন্ধানী পৰীক্ষাত গোলাঘাটৰ বিভিন্ন চৰকাৰী তথা বেচৰকাৰী শিক্ষানুষ্ঠানৰ তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণী পৰ্য্যন্ত প্ৰায় তিনি শ ছাত্ৰ -ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হয় বুলি কেন্দ্ৰ সমন্বয়ক তথা শংকৰদেৱ শিশু বিদ্যা নিকেতন গোলাঘাটৰ শিক্ষক দেৱাশীষ গগৈয়ে জানিবলৈ দিয়ে। মূলতঃ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক উত্তৰণৰ লগতে বিদ্যালয় পৰ্য্যায়ৰ ছাত্ৰ -ছাত্ৰী সকলক ভৱিষ্যতে বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ আগতীয়া প্ৰস্তুতিৰ এক আভাস দিয়াৰ উদ্দেশ্যে বিভিন্ন প্ৰতিযোগিতামূলক তথা চৰকাৰী বিভাগৰ নিযুক্তি পৰীক্ষাৰ আৰ্হিত জিজ্ঞাস শৈক্ষিক ন্যাসে এই প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰি আহিছে।


No comments