ৰঙাজানৰ কাঠকটীয়া গাঁৱত চাঞ্চল্যকৰ ঘটনা
ডিজিটেল সংবাদ, নুমলীগড়ঃ গোলাঘাট জিলাৰ ৰঙাজানৰ কাঠকটীয়া গাঁৱত দেওবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী বৃদ্ধাক চোকা অস্ত্ৰ ডিঙিত থৈ ডকাইতি কাণ্ড সংঘটিত কৰিলে ডকাইতৰ এটা দলে। লক্ষীমাই বৰুৱা নামৰ বৃদ্ধা গৰাকী ঘৰত অকলে থকা অৱস্হাত পাছ ফালৰ দুৱাৰৰে তিনিটা ডকাইত প্ৰৱেশ কৰি প্ৰথমে মুখ, হাত বান্ধি আক্ৰমণ কৰে মহিলা গৰাকীক। সেই সময়ত বৃদ্ধাগৰাকীৰ স্বামী বজাৰলৈ ওলাই গৈছিল। ডকাইতৰ দলটোৱে মহিলাগৰাকীক গডৰেজৰ ছাবি বিছাৰিছিল যদিও দিবলৈ অসন্মত হোৱাত ভাঙি লুটপাত চলাই পলায়ন কৰে । ঘটনাস্হলীত গোলাঘাটৰ আৰক্ষী উপস্হিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি ডকাইতৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে অঞ্চলজুৰি। মহিলা গৰাকীৰ কানফুলি নিজৰ কানৰ পৰা ডকাইতে লুটি নিয়ে। মহিলা গৰাকীক মাৰধৰ কৰে।

No comments