Breaking News

যোৰহাট বিমানবন্দৰ জুবিন গাৰ্গৰ নামত নামকৰণ হওঁক, এই দাবী জ্যেষ্ঠ সাংবাদিক তথা পৰিবেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীৰ



ডিজিটেল ডেস্কঃ যোৰহাট বিমানবন্দৰ চৰকাৰে অসমৰ সংগীত জগতৰ কিংবদন্তি, সংগীতজ্ঞ, গীতিকাৰ, গায়ক, চলচ্চিত্ৰ নিৰ্মাতা , অভিনেতা, ক্ৰীড়া সংগঠক, শিল্পী  জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰা হওঁক । এইক্ষেত্ৰত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি শীঘ্ৰেই ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰক।  যোৰহাট বিমানবন্দৰৰ নাম সলনি কৰি জুবিন গাৰ্গৰ নামত লোৱা পদক্ষেপ গ্ৰহণ কৰক। অৱশ্যে যোৰহাট প্ৰতিৰক্ষা বিমানবন্দৰ য’ত  অসামৰিক বিমান সেৱা পৰিচালনাৰ অতিৰিক্ত সুবিধা আছে। যিহেতু কেন্দ্ৰীয় আৰু ৰাজ্যত ডবল ইঞ্জিনৰ চৰকাৰ গতিকে চৰকাৰে ইচ্ছা কৰিলে তৎকালীনভাবে যোৰহাট বিমানবন্দৰৰ নাম জুবিন গাৰ্গ অসামৰিক বিমানবন্দৰ নামে নামকৰণ কৰি জুবিন গাৰ্গক সন্মান প্ৰদান কৰিব পাৰে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰ, অসমৰ দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰী, সাংসদসকলৰ লগতে উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰী (Doner) য়ে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ সৈতে বিষয়টো আলোচনা কৰি সমগ্ৰ বিষয়টো আন্তৰিকতাৰে লোৱাটো সকলোৰে কামনা কৰিছে

No comments