লক্ষীনন্দন বৰগোহাঞিৰ ভ্ৰমণ কাহিনী আৰু তথ্যৰ ‘পাহাৰ আৰু উপত্যকা’ উন্মোচন
ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ প্ৰকৃতিয়ে হিয়া উজাৰি সৌন্দৰ্যৰ পোহাৰ মেলি ৰাখিছে উত্তৰ-পূৱ ভাৰতত। ভ্রমণকাৰীয়ে উপভোগ কৰিব বিচৰা আবিস্কৃত-অনাবিষ্কৃত প্রাকৃতিক শোভা উত্তৰ-পূৱ ভাৰতত অন্তহীন। এতিয়া বহু ভ্ৰমণপিপাসু মানুহৰ চকু এই শোভাত। এই শোভাৰাজীৰ মাজত যোৱা দুটা দশকত সময় পালেই অনুসন্ধিৎসাৰে ঘূৰি ফুৰা ভ্রমণকাৰী, লেখক তথা ডি ডি আৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী আৰু সহযোগী অধ্যাপক লক্ষীনন্দন ৰগোহাঞিয়ে লিখি উলিয়াইছে উত্তৰ-পূৱ ভাৰতৰ কেইখনমান ঠাই ভ্ৰমণৰ মনোৰম কাহিনী আৰু উত্তৰ-পুব ভাৰতৰ ভ্ৰমণ-আকৰ্ষণীয় স্থানসমুহৰ তথ্যৰে ‘পাহাৰ আৰু উপত্যকা’ শীর্ষক এখন গ্রন্থ। ‘বনলতা’ৰ বিপনী সংলগ্ন ডিব্ৰুগড়স্থ মুখ্য কাৰ্যালয়ত আজি লেখকে গতানুগতিক উন্মোচনী অনুষ্ঠানতকৈ পৃথক ধৰণে নিজে আৰু পত্নী ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিৰ সৈতে বনলতা পৰিয়ালৰ সদস্যসকলৰ মাজত উন্মোচন কৰে গ্ৰন্থখন। ‘বনলতা’ই প্ৰকাশ কৰা ‘পাহাৰ আৰু উপত্যকা’ত সচৰাচৰ ভ্ৰমণ কাহিনীয়ে স্পর্শ নকৰা উত্তৰ-পূৱ ভাৰতৰ কেইখনমান আকৰ্ষণীয় ঠাইক লৈ লিখা ভ্রমণ কাহিনীকহে লেখকে বিশেষ গুৰুত্ব দিছে। বিশেষকৈ ‘পাহাৰ আৰু উপত্যকা’ত আছে ভাৰতত বেলিয়ে প্রথম স্পর্শ কৰা ডং ভেলী, ভাৰতৰ প্ৰথমখন গাঁও কাহো, নৰমুণ্ড চিকাৰৰ ইতিহাসেৰে ভৰা পাহাৰ টিৰাপৰ খুন্চা, আপাটনীসকলৰ আবাসভূমি জিৰো উপত্যকা, উত্তৰ-পূব ভাৰতৰ ভিতৰতে সহজ ট্রেকিঙব বাবে জনপ্রিয় ঝুক’ উপত্যকা, অৰুণাচলৰ পাহাৰীয়া চহৰ লংদিং অদি ঠাইৰ ভ্রমণ কাহিনী। তাৰোপৰি গ্ৰন্থখনত লেখকে অন্তর্ভূক্ত কৰিছে পূজাৰ সময়ত ভ্ৰমণৰ বাবে উত্তৰ-পূৱৰ কেইখনমান ঠাইৰ চমু বর্ণনা, পর্যটনৰ বিপুল সম্ভাৰেৰে পৰিপূর্ণ অসম-অৰুণাচলৰ পূব প্ৰান্তৰ কিছু ঠাইৰ বর্ণনা, ডিব্ৰুগড়ৰ পৰা অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ কেইখনমান মনোমোহা ঠাইলৈ দূৰত্ব আৰু সময়, আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটৰ পৰা স্থানীয় প্রেক্ষাপটলৈ অসমৰ কিছু দর্শনীয় স্থান, উত্তৰ-পূৱ ভাৰতৰ অন্য কিছু আকর্ষণীয় স্থান, উত্তৰ-পূৱ ভাৰতৰ দর্শনীয় স্থানসমূহলৈ কেনেকৈ যাব, ক’ত থাকিব ইত্যাদিৰ প্ৰয়োজনীয় তথ্যৰ লগতে ভালেসংখ্যক ফটো। কাশ্মীৰ ভ্ৰমণক লৈ আমাৰ বহুতৰে মনত এক ভীতিগ্রস্ততা আছে। সেয়ে ভ্রমণপ্রিয় কিছু লোকে ইচ্ছা থাকিলেও কাশ্মীৰ ভ্ৰমণ কৰিবলৈ আগ্রহী নহয়। কিন্তু বাস্তৱত কাশ্মীৰৰ ছবিখন ওলোটা। কাশ্মীৰ যেনেকৈ সৌন্দৰ্যৰ আকৰ তেনেকৈ তাৰ স্থানীয় বাসিন্দাসকলো অতিথিপৰায়ণ, অমায়িক। এনেবোৰ কথাৰ ধাৰণা দিবলৈ ‘আতিথেয় মানুহৰ ভূমি কাশ্মীৰত’ ভ্রমণ কাহিনীটোও ‘পাহাৰ আৰু উপত্যকা’ত সংলগ্ন কৰা হৈছে। উত্তৰ-পূৱ ভাৰতত ভ্ৰমণক লৈ সজাগ হোৱা সকলো ব্যক্তিৰ বাবে ‘পাহাৰ আৰু উপত্যকা’ তথ্যসমৃদ্ধ হাতপুথি হ’ব বুলি প্ৰকাশক প্ৰদ্যুৎ হাজৰিকাই মত প্ৰকাশ কৰে।
No comments