Breaking News

গোলাঘাটৰ যুৱক ৰাষ্ট্ৰীয় এন.এচ.এচ. (NSS) বঁটা লাভ — ৰাষ্ট্ৰপতিৰ হাতৰ পৰা নতুন দিল্লীত বঁটা গ্ৰহণ



ডিজিটেল ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি হিচাপে কাৰ্যৰত (NSS) স্বেচ্ছাসেৱক  প্ৰিয়ানুশ হাজৰিকায়ে ২০২২–২৩ শিক্ষাবৰ্ষৰ বাবে ৰাষ্ট্ৰীয় এন.এচ.এচ. বঁটা লাভ কৰিছে। এই বঁটা তেওঁক ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিৰ হাতৰ পৰা নতুন দিল্লীত আয়োজিত এক গম্ভীৰ অনুষ্ঠানত প্ৰদান কৰা হয়। গোলাঘাট জিলাৰ সন্তান প্ৰিয়ানুশ হাজৰিকা অনিল হাজৰিকা আৰু নিৰু শইকীয়াৰ সন্তান। তেওঁ সমাজসেৱা, গাঁও উন্নয়ন আৰু দৰিদ্ৰ তথা পিছপৰা লোকসকলৰ সহায়ত স্বেচ্ছাসেৱী মনুভাৱেৰে অনবদ্য কাৰ্য্য সম্পাদন কৰাৰ বাবে এই ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে।

তেওঁৰ এই গৌৰৱজনক সফলতাই ডিব্ৰুগড় বিশ্ববিদ্যালয়, গোলাঘাট জিলাৰ লগতে সম্পূৰ্ণ অসমক গৰ্বিত কৰিছে। হাজৰিকাৰ এই সাফল্য “Not Me But You” (মই নহয়, তুমি) এই এন.এচ.এচ. ৰ মূল মূলনীতিক প্ৰতিফলিত কৰি নতুন প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব। 


No comments